ETV Bharat / state

Allegation Against VP of Barpeta Zila Parishad: বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি চামচুল হকৰ বিৰুদ্ধে মিছা আৰু ভিত্তিহীন অপপ্ৰচাৰ চলোৱাৰ অভিযোগ

author img

By

Published : Jul 23, 2023, 10:44 AM IST

Press Meet of Barpeta Zila Parishad Vice President
মিছা আৰু ভিত্তিহীন অপপ্ৰচাৰ চলোৱাৰ অভিযোগ

বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি তথা হালধীয়া জিলা পৰিষদৰ সদস্য চামচুল হকৰ সংবাদমেল ৷ হালধীয়া জিলা পৰিষদৰ সদস্য চামছুল হকৰ বিৰুদ্ধে মিছা আৰু ভিত্তিহীন অপপ্ৰচাৰ চলোৱাৰ অভিযোগ জিলা পৰিষদৰ সদস্যগৰাকীৰ ৷

হালধীয়া জিলা পৰিষদৰ সদস্য চামচুল হকৰ সংবাদমেল

বৰপেটা, 23 জুলাই: বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি তথা হালধীয়া জিলা পৰিষদৰ সদস্য চামচুল হকৰ সংবাদমেল ৷ সংবাদমেলত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত খাৰবাল্লী গাঁৱকলৈ একাংশই হালধীয়া জিলা পৰিষদৰ সদস্য চামছুল হকৰ বিৰুদ্ধে মিছা আৰু ভিত্তিহীন অপপ্ৰচাৰ চলোৱাৰ অভিযোগ জিলা পৰিষদৰ সদস্য গৰাকীৰ ৷

শনিবাৰে বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি তথা হালধীয়া জিলা পৰিষদৰ সদস্য চামছুল হকে এক সংবাদমেল সম্বোধন কৰে ৷ উল্লেখযোগ্য যে, খাৰবাল্লী, বলাইপাথাৰ বা আন আন গাঁও প্ৰস্তাৱিত ৰূপসী সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ বাবে বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি গৰাকীয়ে নিৰ্বাচন আয়োগলৈ কোনো ধৰণৰ পত্ৰ প্ৰেৰণ কৰা নাই বুলি উল্লেখ কৰে ৷ বৰঞ্চ হালধীয়া জিলা পৰিষদৰ অন্তৰ্গত পাঁচখন গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁও সমূহ যিকোনো এটা সমষ্টিত অন্তৰ্ভূক্ত কৰিবলৈহে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি মন্তব্য কৰে হালধীয়া জিলা পৰিষদৰ সদস্য গৰাকীয়ে ৷

কিন্তু এই সন্দৰ্ভত একাংশই পৰ্দাৰ আঁৰত থাকি চক্ৰান্ত কৰি বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি চামছুল হকৰ বিৰুদ্ধে সামাজিক মাধ্যমত ষড়যন্ত্ৰমূলকভাৱে মিছা আৰু ভুৱা অপপ্ৰচাৰ চলাইছে বুলি অভিযোগ কৰে তেওঁ ৷ যাৰ বাবে চামছুল হকে শনিবাৰে সংবাদমেল আয়োজন কৰি এই সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে ৷ তেওঁ কয় যে, নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা পত্ৰখনত হালধীয়া জিলা পৰিষদ এলেকাৰ কোনো এখন গাঁও ভাগ নকৰি ৰাইজৰ সুবিধাৰ্থে পাঁচোটাকৈ পঞ্চায়তৰ গাঁও সমূহ প্ৰস্তাৱিত যিকোনো এটা সমষ্টিৰ লগত সংলগ্ন কৰাৰ বাবেহে অনুৰোধ জনাইছে ৷

কিন্তু, একাংশই এই পত্ৰৰ আলমলৈ সামাজিক মাধ্যমৰ জৰিয়তে ষড়যন্ত্ৰমূলক ভাৱে ভুৱা আৰু ভিত্তিহীন অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য কৰে তেওঁ ৷ এই কাৰ্যত তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ লগতে এই ক্ষেত্ৰত সদস্য গৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ তথ্য প্ৰমাণ দিব নোৱাৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰত্যাহ্বান জনায় চামচুল হকে ৷

লগতে পঢ়ক : Drugs peddler arrested with drugs: তিনিচুকীয়াৰ হোটেল মিডটাউনত 22 লাখ টকাৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.