ETV Bharat / state

Poor infrastructure of veterinary hospitals : ভূত বাংলালৈ পৰিণত হেলনা পশু চিকিৎসালয়ৰ গৃহ

author img

By

Published : Nov 16, 2021, 7:27 PM IST

Poor infrastructure of Helna Veterinary Hospital bajali
ভূত বাংলালৈ পৰিণত হেলনা পশু চিকিৎসালয়ৰ গৃহ

পশু পালন বিভাগৰ গুৰুত্বহীনতাৰ বাবে পয়ালগা অৱস্থা বজালী জিলাৰ হেলনা পশু চিকিৎসালয়ৰ ৷ পশু চিকিৎসাৰ বাবে আন্তঃগাঁথনিৰ অভাৱ চিকিৎসালয়খনৰ ৷

বোকাখাত, 16 নৱেম্বৰ : ৰাজ্য চৰকাৰৰ বিয়াগোম পশু পালন বিভাগৰ গুৰুত্বহীনতাৰ বাবে এতিয়া পয়ালগা অৱস্থা বজালী জিলাৰ হেলনা পশু চিকিৎসালয়ৰ ৷ চিকিৎসালয়খনৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে ব্যাহত হৈ পৰিছে পশু চিকিৎসা সেৱা ৷ চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, ভূত বাংলালৈ পৰিণত হৈছে চিকিৎসালয়খনৰ গৃহটো ৷

গৃহটোৰ দৰ্জা-খিৰিকীবোৰো পচিবলৈ আৰম্ভ কৰিছে ৷ এক কথাত চিকিৎসালয়খনত পশু চিকিৎসা প্ৰদানৰ নাই কোনো পৰিবেশ ৷ উল্লেখ্য যে, হেলনা পশু চিকিৎসালয়খনৰ ওপৰত নিৰ্ভৰশীল প্ৰায় 10 পৰা 15 খনকৈ গাঁৱৰ কৃষক ৷ পশু ধনৰ কোনো বেমাৰ-আজাৰ হ'লে চিকিৎসা সেৱাৰ ক্ষেত্ৰত একমাত্ৰ সাৰথি হৈছে হেলনা পশু চিকিৎসালয় ৷

ভূত বাংলালৈ পৰিণত হেলনা পশু চিকিৎসালয়ৰ গৃহ

স্থানীয় ৰাইজৰ অভিযোগ মতে, চিকিৎসালয়খনৰ গৃহ নিৰ্মাণ তথা আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ দাবী জনাইছিল চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় লোকে ৷ কিন্তু কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগে ৷ যাৰ পৰিপেক্ষিত পয়া লগা অৱস্থাৰ সৃষ্টি হৈছে চিকিৎসালয়খনৰ ৷

গতিকে, চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নত কৰি পশু চিকিৎসাৰ বাবে সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীৰ কৰ্তৃপক্ষৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: HSLC Exam : ২৫ নৱেম্বৰৰ পৰা অনলাইন প্ৰ-পত্ৰ পূৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.