ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয়ত পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 1:10 PM IST

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত পলিঅ' দিৱস পালন । জিলাখনত জন্মৰ পৰা পাঁচ বছৰ বয়সৰ ৩৭,৯৭৭ টি শিশুক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য।

Barpeta Civil Hospital in Kalgachia
কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়

জনীয়া, ১০ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াস্থিত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত দেওবাৰে বৰপেটা অসামৰিক চিকিৎসালয়ত পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়া । উল্লেখযোগ্য যে ভাৰতবৰ্ষ বৰ্তমান পলিঅ' মুক্ত হৈছে যদিও প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তান, আফগানিস্তান এতিয়াও পলিঅ' মুক্ত হোৱা নাই । সেয়ে ভাৰতত পলিঅ' বিয়পিব পাৰে বুলি আশংকা কৰি পলিঅ' দিৱস পালনৰ মাজেৰে ১০ ৰ পৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিছে ।

পলিঅ' প্ৰতিষেধক অভিযান উদ্বোধন কৰি চক্ৰ বিষয়াই কয় যে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। গতিকে শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ'লে আমি পলিঅ’ নিৰ্মূল কৰিব লাগিব । কলগাছিয়াৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৩৭,৯৭৭ টি পাঁচ বছৰৰ তলৰ শিশু আছে । এই শিশু সকলক পলিঅ' মুক্ত কৰিবলৈ অহা তিনিদিনলৈ এই অভিযান চলিব । গতিকে বৃহত্তৰ কলগাছিয়াৰ ৰাজহুৱা স্থান, বাছ আস্থান, জনবহুল ঠাই, বজাৰ আদিত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি কয় কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াই ।

উদ্বোধনী অনুষ্ঠানটোত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীৰ লগতে বৰপেটাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হাসমত আলী, বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ নাজিৰুল ইছলাম, খণ্ড আচনি প্ৰৱন্ধক আবু ছায়েদ খান, কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃপংকজ কুমাৰ ৰয় আদি উপস্থিত থাকি পলিঅ' নিৰ্মূলকৰণ সন্দৰ্ভত বক্তব্য ৰাখে আগবঢ়ায় । উল্লেখযোগ্য যে,উপ ৰাষ্ট্ৰীয় পলিঅ' নিৰ্মূল দিৱসৰ সৈতে সংগতি ৰাখি পলিঅ' প্ৰতিষেধক অভিযান আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক:চৰকাৰলৈ বাট চাই চকুলো টুকিছে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.