ETV Bharat / state

নিৰ্মাণৰ এমাহ পিছতেই ভাঙিল PMGSYৰ পথ

author img

By

Published : Jun 21, 2021, 1:46 PM IST

a-month-after-construction-pmgsy-road-collapsed
নিৰ্মাণৰ এমাহ পিছতেই ভাঙি গ'ল PMGSY ৰাস্তা

জনীয়া সমষ্টিৰ ছনপুৰাত নিৰ্মাণৰ এমাহ পিছতেই ঠায়ে ঠায়ে ভাঙি গ'ল পি এম জি এচ ওৱাই পথ । ৰোলাৰ নমৰাকৈ বালি মাটিৰে অতি নিম্নমানেৰে নিৰ্মাণ কৰাত বৰষুণতে খহিল এই পকী পথ । আগন্তুক বানপানীত ৰাস্তাটো নিশ্চিহ্ন হৈ যোৱাৰ আশংকা কৰি শীঘ্ৰে পথটো পুনৰ মেৰামতিৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

জনীয়া, 21 জুন : বৰপেটাত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, প্ৰাককলন মতে কাম নকৰি পথ নিৰ্মাণৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰিছে ঠিকাদাৰে ৷ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ছনপুৰাৰ পৰা গোবিন্দপুৰহৈ চিধুনী হাইস্কুললৈ যোৱা ৯ কোটি ৩৩ লাখ ২৪০০ টকা ব্যায় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৯.৩ কি:মি:ৰ দৈৰ্ঘৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথটো যোৱাটো বৰ্ষৰ ১৭ আক্টোবৰত জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ উপস্থিতিত বৰপেটাৰ সাংসদ আব্দুল খালেকে উদ্বোধন কৰিছিল ।

নিৰ্মাণৰ এমাহ পিছতেই ভাঙি গ'ল PMGSY ৰাস্তা

ঠিকাদাৰ দেবদীৱ দাসে ঠিকাৰ কাম লাভ কৰা পথটোৰ নিৰ্মাণ কাৰ্য্য চলিত বৰ্ষৰ ১৫ মে' তাৰিখে সমাপ্ত হৈছিল যদিও মাত্ৰ এমাহ ওকলি যোৱাৰ পিছতেই বৰষুণৰ পানীত ছনপুৰা, টাপাজুলি আৰু কাদং গাঁৱৰ বিভিন্ন স্থানত পথটো ঠায়ে ঠায়ে ভাঙি যোৱা পৰিলক্ষিত হৈছে । ফলত বালি মাটিৰে ভালদৰে ৰোলাৰ নমৰাকৈ অতি নিম্ন মানেৰে পথ নিৰ্মাণ কৰা বুলি অভিযোগ কৰিছে ৰাইজে । এইদৰে ভাঙি যোৱাৰ ফলত সমাগত বানপানীত টাপাজুলি, ছনপুৰা অঞ্চলত পথটোৰ কোনো চিন চাপ নোহোৱা হৈ যাব বুলি আশংকা কৰিছে ৰাইজে । সেয়ে শীঘ্ৰে পথটো পুনৰ মেৰামতিৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : কোন দিশে নলবাৰীৰ ঢুলীয়া শিল্পীৰ জীৱন পৰিক্ৰমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.