ETV Bharat / state

কলগাছিয়াৰ ৰাজপথত ভূঁই ৰুই অভিনৱ প্ৰতিবাদ

author img

By

Published : May 9, 2021, 2:01 PM IST

কলগাছিয়াৰ ৰাজপথত ভুঁই ৰুই অভিনৱ প্ৰতিবাদ অঞ্চলবাসীৰ
কলগাছিয়াৰ ৰাজপথত ভুঁই ৰুই অভিনৱ প্ৰতিবাদ অঞ্চলবাসীৰ

কলগাছিয়াৰ বালিকুৰি গড়কাপ্তানী পথৰ পৰা চানপুৰ মথাউৰিলৈ যোৱা পথটোৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ বিকশিত অসমৰ নমুনা প্ৰতিফলিত হোৱা পথটো বোকাময় পথাৰ নে পথ সেয়া নেদেখিলে ধৰিব নোৱাৰি ৷ যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি অহা অঞ্চলবাসীয়ে "অসম চৰকাৰৰ উন্নত ৰাস্তা"ৰ ফলক লগাই পথচোৱাত কঠিয়া ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷

জনীয়া,9 মে': জনীয়াৰ এটা সদাব্যস্ত পথ ৷ সেই পথটোৰে দৈনিক চলে শ শ লোকৰ আহ-যাহ ৷ কিন্তু পথটোৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ স্বাধীনতাৰ ৭৩ বছৰ পাৰ হ'ল, কিন্তু সলনি নহ'ল কলগাছিয়াৰ বালিকুৰি গড়কাপ্তানী পথৰ পৰা চানপুৰ মথাউৰিলৈ যোৱা পথটো ৷ পৰিৱৰ্তনকামী চৰকাৰৰ পৰিৱৰ্তনৰ ঢৌৱে স্পৰ্শ কৰিব নোৱাৰিলে জনীয়াৰ এই পথচোৱাক ৷ বিকশিত অসমৰ নমুনা প্ৰতিফলিত হোৱা পথটো বোকাময় পথাৰ নে পথ, সেয়া নেদেখিলে ধৰিব নোৱাৰি ৷ এজাক বৰষুণতে পানীৰে ভৰ্তি হৈ পৰে পথচোৱা ৷

কলগাছিয়াৰ ৰাজপথত ভূঁই ৰুই অভিনৱ প্ৰতিবাদ

পথটোৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰে জৰুৰীকালীন সেৱাত নিয়োজিত কোনো এম্বুলেঞ্চৰ উপৰিও অন্যান্য বাহন ৷ বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতিৰ বাবে অনুৰোধ জনাই আহিছে যদিও এইক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷ ফলত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি অহা অঞ্চলবাসীয়ে "অসম চৰকাৰৰ উন্নত ৰাস্তা"ৰ ফলক লগাই পথচোৱাত কঠিয়া ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: শিৱসাগৰত কোনে শৰবিদ্ধ কৰিছে সেউজ প্ৰকৃতি?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.