বৰপেটাত চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ

author img

By

Published : Sep 23, 2022, 8:18 PM IST

বৰপেটাত চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ

চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে বৰপেটাত ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত(Fakhruddin Ali Ahmed Medical College and Hospital) সংঘটিত হৈছে এই ঘটনা ৷

বৰপেটা, ২৩ ছেপ্তেম্বৰ: বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ উত্থাপিত হৈছে ৷ বৃহস্পতিবাৰে হাউলীৰ প্ৰকাশ সাহা নামৰ এজন লোক বৰপেটাৰোডত পথ দুৰ্ঘটনাত আহত হৈছিল (Road accident in Barpeta)৷

আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে প্ৰকাশ সাহাক বৰপেটা মেডিকেল কলেজ হাস্পতালত(Fakhruddin Ali Ahmed Medical College and Hospital) ভৰ্তি কৰে যদিও নিশা প্ৰায় ডেৰ বজাত লোকজন মৃত্যুমুখত পৰে (Patient dead in Barpeta hospital)৷ ইপিনে মেডিকেল কলেজ হাস্পতালত কৰ্তব্যৰত চিকিৎসকে দুৰ্ঘটনাত আহত ব্যক্তিজনক চিকিৎসা প্ৰদানত হেমাহি প্ৰদৰ্শনৰ অভিযোগ আত্মীয়ৰ ৷

বৰপেটাত চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ

আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসা প্ৰদান কৰিবলৈ আত্মীয় আৰু পৰিয়ালৰ লোকে চিকিৎসকক জনোৱা অনুৰোধৰ প্ৰতিও চিকিৎসকে গুৰুত্ব প্ৰদানৰ সলনি গা এৰা দিয়া বুলিহে অভিযোগ উত্থাপন কৰিছে আত্মীয়ই ৷ আনকি চিকিৎসকে আত্মীয়ক ধমকিহে প্ৰদান কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

ইপিনে চিকিৎসকৰ গাফিলতিত নিশাৰ ভাগত ৰোগীজনৰ মৃত্যু হোৱাৰ পাচত সমগ্ৰ বিষয়টো গাপ দিয়াৰ বাবে মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই দুৰ্ঘটনাগ্ৰস্ত ৰোগীজনৰ লগত অহা এজন যুৱকৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰে ৷ চিকিৎসকক পিষ্টল দেখুওৱা বুলি যুৱকজনৰ বিৰুদ্ধে ভুৱা অভিযোগ কৰি আৰক্ষীৰ দ্বাৰা যুৱকজনক হাৰাশাস্তি কৰোৱায় ৷

অৱশ্যে ঘটনাটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাচতে আৰক্ষীয়ে যুৱকজনক যাবলৈ দিয়ে ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ লগতে ভুৱা অভিযোগত আৰক্ষীৰ দ্বাৰা নিৰ্দোষী যুৱকক হাৰাশাস্তিৰ ঘটনাক লৈ বৰপেটাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লক্ষ্যণীয়ভাৱে কৰ্তব্যৰত চিকিৎসকে আৰক্ষীৰ আগত কোনো লোকে পিষ্টল দেখুৱাই ভাবুকি দিয়াৰ কথা অস্বীকাৰ কৰিছে ৷

লগতে পঢ়ক: নগাঁৱত দুৰ্ঘটনাত আহত ডিব্ৰুগড়ৰ মহিলা চিকিৎসকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.