ETV Bharat / state

ৰেচন কাৰ্ডৰ নামত উৎকোচ লৈ ৰঙাঘৰৰ আলহী ব্যৱসায়ী

author img

By

Published : Jun 22, 2021, 5:19 PM IST

দৰিদ্ৰ হিতাধিকাৰীক ৰেচন কাৰ্ড দিয়াৰ নামত প্ৰৱঞ্চকটোৱে ৫০০ টকাৰ পৰা ৩০০০ হাজাৰ টকা পৰ্যন্ত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ৰেচন কাৰ্ডৰ নামত উৎকোচ লৈ ৰঙাঘৰৰ আলহী ব্যৱসায়ী
ৰেচন কাৰ্ডৰ নামত উৎকোচ লৈ ৰঙাঘৰৰ আলহী ব্যৱসায়ী

ৰঙিয়া, 22 জুন : ৰঙিয়া (Rangia)ৰ জয়ন্তীপুৰত মঙলবাৰে ৰাইজে এটা প্ৰৱঞ্চকক কৰায়ত্ব কৰে । ধৃত প্ৰৱঞ্চকটো ৰঙিয়া (Rangia)নগৰৰ ৫ নং ৱাৰ্ডৰ তিনিআলিৰ চাফনুৰ আলী বুলি জানিব পৰা হৈছে । দৰিদ্ৰ হিতাধিকাৰীক ৰেচন কাৰ্ড দিয়াৰ নামত উৎকোচ লোৱা অভিযোগত চাফনুৰ আলীক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৷

ৰেচন কাৰ্ডৰ নামত উৎকোচ লৈ ৰঙাঘৰৰ আলহী ব্যৱসায়ী
ৰেচন কাৰ্ডৰ নামত উৎকোচ লৈ ৰঙাঘৰৰ আলহী ব্যৱসায়ী

দৰিদ্ৰ হিতাধিকাৰীক ৰেচন কাৰ্ড দিয়াৰ নামত চাফনুৰ আলীয়ে ৫০০ টকাৰ পৰা ৩০০০ হাজাৰ টকা পৰ্যন্ত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু টকা উৎকোচ লোৱাৰ কেইবা মাহ উকলি যোৱাৰ পিছতো চাফনুৰে ৰেচন কাৰ্ড দিব নোৱাৰাত ক্ষুব্ধ হৈ পৰে জয়ন্তীপুৰ অঞ্চলৰ ৰাইজ । অৱশেষত মঙলবাৰে ৰাইজে চাফনুৰ আলীক কৰায়ত্ব কৰি ৰঙিয়া আৰক্ষী (Rangia Police)ক গতাই দিয়ে ।

বৰ্তমান ৰঙিয়া থানাত আৰক্ষীয়ে চাফনুৰ আলীৰ জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.