ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সপোনক লৈ চিন্তিত হৈ পৰিছে বাঘবৰৰ বিধায়ক

author img

By

Published : Aug 20, 2022, 6:34 PM IST

MLA Sherman Ali Ahmed

ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিধায়ক শ্বেৰমান আলী ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সন্মুখতে ৰাজহ চক্ৰ বিষয়াগৰাকীৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰিলে বিধায়কগৰাকীয়ে (Baghbar Mla Sherman Ali against revenue circle officer) ৷

বৰপেটা, ২০ আগষ্ট: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সন্মুখতে বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে সৰব হৈ পৰিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ (Baghbar Mla Sherman Ali against revenue circle officer)৷ বানত ককবকাই থকা ৰাইজক সহায়ৰ পৰিৱৰ্তে বাঘবৰৰ চক্ৰ বিষয়াগৰাকীয়ে(Baghbor Revenue Circle officer) ৪ দিনলৈ কৰ্তব্যত উপস্থিত নথকা আৰু বান ক্ষতিগ্ৰস্থৰ তালিকা প্ৰস্তুতৰ সময়ত অনিয়ম সংঘটিত হোৱাৰো অভিযোগ তোলে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সপোনক লৈ চিন্তিত হৈ পৰিছে বাঘবৰৰ বিধায়ক

বৰপেটা জিলা পুথিভৰাঁল প্ৰেক্ষাগৃহত বানত ক্ষতিগ্ৰস্থক চেক প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ(Education minister Ranoj Pegu) সন্মুখতে এই অভিযোগ তোলে বিধায়কগৰাকীয়ে ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সন্মুখতে বিধায়ক শ্বেৰমান আলীয়ে চক্ৰ বিষয়াৰ বিৰুদ্ধে কেবাটাও অভিযোগ তোলে ৷ ধন লৈ বান ক্ষতিগ্ৰস্থৰ তালিকা প্ৰস্তুতৰ অভিযোগ তুলি মন্ত্ৰীগৰাকীৰ হাতত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

বাঘবৰৰ ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে সৰব বিধায়ক শ্বেৰমান আলী আহমেদে এপাকত মুখ্যমন্ত্ৰীক লৈ মনত পুহি ৰখা উদ্বিগ্নতাৰ কথাও প্ৰকাশ কৰে ৷ উদ্বিগ্ন বিধায়ক শ্বেৰমানে কলে- এনে বিষয়াসকলৰ বাবেই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যি সপোন সেয়া পূৰণ নহ’ব ৷

লগতে পঢ়ক: 12 ছেপ্তেম্বৰৰ পৰা বিধানসভাৰ বৰ্ষাকালিন অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.