ETV Bharat / state

ৰাজ্যৰ কাগজ কল নিলাম সন্দৰ্ভত সৰৱ বিধায়ক মনোৰঞ্জন তালুকদাৰ

author img

By

Published : Jun 6, 2021, 10:23 PM IST

বৰপেটাৰোড প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদমেলত বিধায়ক মনোৰঞ্জন তালুকদাৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ চলিত মাহৰ 1 তাৰিখে ৰাষ্ট্রীয় কোম্পানী আইন ট্রিবিউনেলে (National Company LawTribunal) গ্ৰহণ কৰা পদক্ষেপক তীব্ৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰে জনতাক জীয়া ফাঁকি দিছে বুলি উল্লেখ কৰে ৷

as_bar_mla manoranjan talukdar's press meet about cachar paper mill_vis_AS10030
ৰাজ্যৰ কাগজ কল নিলাম সন্দৰ্ভত সৰৱ বিধায়ক মনোৰঞ্জন তালুকদাৰ

বৰপেটাৰোড, 6 জুন : ৰাজ্যৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ জাননীৰ বিৰুদ্ধে সৰৱ সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ দেওবাৰে এখন সংবাদমেলৰ আয়োজন কৰি বিধায়কগৰাকীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বৰপেটাৰোড প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদমেলত বিধায়ক মনোৰঞ্জন তালুকদাৰে চলিত মাহৰ 1 তাৰিখে ৰাষ্ট্রীয় কোম্পানী আইন ট্রিবিউনেলে (National Company LawTribunal) যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক তীব্ৰ বিৰোধিতা কৰিছে বিধায়ক গৰাকীয়ে ৷

বিজেপি নেতৃত্বাধীন বিগত কাৰ্যকাল তথা বৰ্তমানৰ চৰকাৰৰো উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাগজ কল দুটা বন্ধ তথা বিক্ৰী নহয় বুলি বিধানসভাৰ ভিতৰে বাহিৰে বাৰম্বাৰ ঘোষণা কৰিছিল ৷ আনকি অসম বিধানসভাৰ যােৱা নিৰ্বাচনতো কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাগজ কল পুনৰুজ্জীৱিত কৰা হ'ব বুলি কোৱা কথা জীয়া ফাঁকিলৈ ৰূপান্তৰিত হোৱা বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰি নিলাম ঘােষণাৰ দ্বাৰা বিজেপি চৰকাৰযে ৰাজহুৱা খণ্ড বিৰােধী তথা শ্রমিক বিৰােধী নীতিত অৱস্থান লৈছে সেইটো স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে।

ৰাজ্যৰ কাগজ কল নিলাম সন্দৰ্ভত সৰৱ বিধায়ক মনোৰঞ্জন তালুকদাৰ

অতি দুৰ্ভাগ্যজনকভাৱে NCLৰ পৰামৰ্শৰ ভিত্তিত লিকিউডেটৰ বুদ্বীপ ভার্সাই নগাঁও আৰু কাছাৰ কাগজ কল দুটা নিলামত দিয়াৰ বাবে জাননী প্ৰকাশ কৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰি সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কাগজ কল দুটাৰ নিলামৰ জাননী প্রত্যাহাৰ কৰা, দুয়ােটা কাগজ কল ৰাজহুৱা খণ্ডত পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা,পুনৰুজ্জীবিত নােহোৱালৈকে কাগজ কল দুটাৰ শ্ৰমিক কর্মচাৰীৰ বকেয়া ধন শীঘ্ৰে আদায় দি মাহেকীয়া মজুৰী প্ৰদান কৰা, অসম চৰকাৰে দিয়া নির্বাচনী প্রতিশ্রতি ৰক্ষা কৰা,NCLAT ৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক দাবী জনায় বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক: শক্তি বিভাগৰ তিনিওটা কোম্পানীৰ কাম-কাজ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.