ETV Bharat / state

CPIM react on Constituency Delimitation: ২০০১ৰ পিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

author img

By

Published : Dec 28, 2022, 8:03 PM IST

CPIM react on Constituency Redesignation
সমষ্টি নিৰ্ধাৰণৰ প্ৰসংগক লৈ সৰৱ CPIM

সমষ্টি নিৰ্ধাৰণৰ প্ৰসংগক লৈ সৰৱ CPIM । ২০০১ চনৰ লোকপিয়ল মতে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে CPIM য়ে(CPIM react on Constituency Delimitation) । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে CPIM ৰ জ্যেষ্ঠ নেতা তথা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

সমষ্টি নিৰ্ধাৰণৰ প্ৰসংগক লৈ সৰৱ CPIM

বৰপেটাৰোড,২৮ ডিচেম্বৰ: ২০০১ চনৰ লোকপিয়ল মতে সমষ্টি পুনৰ নিৰ্ধাৰণ(Constituency Delimitation as per 2001 census) প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা CPIM ৰ(CPIM react on Constituency Redesignation) ৷ ২০০১ চনৰ পাছত ২০১১ চনত লোকপিয়ল হৈছে আৰু সেই লোকপিয়লৰ তথ্য চৰকাৰ তথা ৰাইজৰ ওচৰত আছে ৷ সেয়ে ২০০১ চনৰ লোকপিয়ল মতে নহয় ২০১১ চনৰ লোকপিয়ল মতেহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পোষকতা কৰিছে CPIM ৰ জ্যেষ্ঠ নেতা তথা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে(MLA Manoranjan Talukdar) ৷

সৰভোগৰ বিধায়ক তথা CPIMৰ জ্যেষ্ঠ নেতা মনোৰঞ্জন তালুকদাৰে কয় যে CPIM সমষ্টি পুনঃনিৰ্ধাৰণৰ বিৰোধী নহয় ৷ কিন্তু ২০১১ চনৰ লোকপিয়লৰ তথ্য নিৰ্বাচন আয়োগ তথা ৰাইজৰ ওচৰত থকাৰ পাছতো কি কাৰণত ২০০১ চনৰ লোকপিয়ল মতে সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেয়াহে বুজা নাই বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

এই সম্পৰ্কত নিৰ্বাচন আয়োগৰ ওচৰত CPIM এ স্পষ্টীকৰণ বিচাৰিব বুলিও উল্লেখ কৰে সৰভোগৰ বিধায়ক গৰাকীয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত CPIM দলৰ কোনো আপত্তি নাই বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে একেটা প্ৰশাসনিক জিলাৰ ভিতৰতে সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ হলে সুবিধা হ'ব ৷ কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৰহস্যৰ গোন্ধ পোৱা বুলি উল্লেখ কৰি কয় যে কাৰোবাক পৰাজিত আৰু আন কাৰোবাক জয়ী কৰাবলৈ ষড়যন্ত্ৰমূলকভাৱে নিৰ্দ্দিষ্ট উদ্দেশ্য লৈ যদি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰে তেন্তে তেনে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত CPIMৰ তীব্ৰ বিৰোধিতা থাকিব বুলিও উল্লেখ কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

বিগত ২০০১ চনৰ লোকপিয়ল মতে ২০০৭ চনত প্ৰকাশ কৰা সাম্ভাব্য খচৰামতে যদি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰে তেন্তে সেই খচৰা নিৰ্বাচন আয়োগে ৰাজহুৱা কৰাৰ পাছত ৰাইজৰ মতামত সাপেক্ষে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে সেয়া সুকীয়া বিষয় বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

আনহাতে সৰভোগ নামটোৰ পৰিৱৰ্তে বৰপেটাৰোড সমষ্টি নামাকৰণ প্ৰক্ৰিয়াতো বিধায়ক মনোৰঞ্জন তালুকদাৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ সৰভোগ এখন ঐতিহ্যপূৰ্ণ ঠাই হিচাপে সমষ্টিটোৰ নাম সৰভোগ হিচাপে ৰখাৰ বাবে তেওঁ দাবী জনায় ৷ কিন্তু বিশেষ পৰিস্থিতিত যদি সমষ্টিটোৰ নাম পৰিৱৰ্তন কৰিবই লাগে তেন্তে সৰভোগৰ পৰিৱৰ্তে বৰনগৰ সমষ্টি কৰাৰো পোষকতা কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক: Dilip Saikia criticizes Congress: সমষ্টি পুনৰনিৰ্ধাৰণ হলেও কোনো সাংসদ-বিধায়কৰ সমস্যা নহয়: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.