ETV Bharat / state

Manoranjan Talukdar on Assam CM; ৰাজ্যৰ নিবনুৱাক গিনিপিগ সজাই প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰীয়ে: মনোৰঞ্জন তালুকদাৰ

author img

By

Published : May 12, 2023, 9:45 AM IST

‘‘2024 ৰ নিৰ্বাচনৰ ফলাফল কি হ’ব তাৰ ইংগিত দিব কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে (Karnataka election result 2023) ৷’’ ড৹ শৰ্মা চৰকাৰক কটাক্ষ কৰি এই মন্তব্য কৰে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ লগতে তেওঁ ৰাজ্যৰ নিবনুৱাক মুখ্যমন্ত্ৰীয়ে প্ৰতাৰণা কৰিছে বুলিও মন্তব্য কৰে (MLA Manoranjan Talukdar criticized Assam CM) ৷

MLA Manoranjan Talukdar criticized Assam CM
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

বৰপেটাৰোড, 12 মে’ : ‘‘আগন্তুক 13 মে’ৰ কৰ্ণাটক নিৰ্বাচনৰ ফলাফলত দুধ কা দুধ পানী কা পানী হৈ পৰিব ৷ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে আগন্তুক 2024 চনৰ সাধাৰণ নিৰ্বাচনত কি হ’ব তাৰেই ইংগিত দিছে ।’’ এই মন্তব্য কৰে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar comment on Karnataka election result 2023) ৷

তেওঁ আৰু কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এবছৰৰ ভিতৰত গণি গণি এক লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু বিগত 2022 চনৰ 10 মে’ তাৰিখে এবছৰ অতিক্ৰম হৈ 2023 চনৰ 10 মে’ পাৰ হৈ গৈছে । কিন্তু দুবছৰলৈকে সেই এক লাখ চাকৰি দিয়াৰ কোনো বাস্তবিকতা নাই ৷ বৰ বেছি 64/65 হাজাৰ চাকৰি হ’ব পাৰে’’ ৷ আনকি ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক গিনিপিগ সজাই তুচ্ছতাছিল্য তথা প্ৰতাৰণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জয়ঢোল বজাবলৈ লৈছে বুলি মত প্ৰকাশ কৰে বিধায়ক তালুকদাৰে (MLA Manoranjan Talukdar criticized Assam CM) ৷

‘‘বিজেপিয়ে ৰাজ্যৰ শাসনভাৰ লোৱাৰ 7 বছৰ অতিক্ৰম কৰিছে ৷ কিন্তু মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কিয় বিজেপিৰ 2 বছৰীয়া বৰ্ষপূৰ্তি পাতিছে ? বিজেপি চৰকাৰৰ 7 বছৰীয়া কাৰ্যকালত কোনো সাফলতা নাই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া শাসনক ঢাকি ৰাখি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দ্বি বাৰ্ষিকী পালন কৰিবলৈ কি আছে ?’’ সংবাদ মাধ্যমৰ আগত এই প্ৰশ্ন উত্থাপন কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

‘‘গুৱাহাটীত কেইখনমান ফ্লাই অভাৰ ব্ৰীজ আৰু কেইখনমান মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিলেই ৰাজ্যৰ উন্নয়ন নহয় ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰগ্ৰেছ ইণ্ডেক্ছৰ যি ৰিপ’ৰ্ট আহিছে সেই ৰিপ’ৰ্ট মতে দেশৰ 36 খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে 34 নম্বৰ ৷ মাত্ৰ বিহাৰ আৰু ঝাৰখণ্ডৰ ওপৰত আছে অসম ৷ A কেটিগৰী, B কেটেগৰী আৰু A প্লাচ কেটেগৰীত অসমৰ স্থান নাই ৷ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰাৰ দম্ভালি মাৰা ড৹ শৰ্মাই অসমত কি সাফল্য অৰ্জন কৰিছে ?’’ এয়া সৰভোগৰ বিধায়কগৰাকীৰ মন্তব্য ৷

তেওঁ আৰু কয়, ‘‘নীতি আয়োগৰ বহনক্ষম ক্ষমতাৰ যি প্ৰতিবেদন আহিছে সেই প্ৰতিবেদনত শিক্ষা, স্বাস্থ্য, কৃষি, জলসিঞ্চন, শিশুৰ মৃত্যুৰ হাৰ, প্ৰসুতিৰ মৃত্যুৰ হাৰ আদি প্ৰতিটো ক্ষেত্ৰত অসমখন তলৰ পৰা 4/5 নম্বৰত আছে ৷ ওপৰৰ পৰা অসমখন 5 নম্বৰত আহিব পৰা কথাটো মাথোঁ এক কল্পনা হৈ পৰিছে’’ ৷

নিয়োগৰ বিষয়টো চৰকাৰৰ মাথোঁ ভেকোভাওনা বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰি কয় যে তেওঁ মুখ্যমন্ত্ৰীক মে’ মাহৰ 7 তাৰিখত এখন পত্ৰ দিছিল ৷ সেই পত্ৰখন মুখ্যমন্ত্ৰীয়ে এক মিনিটৰ ভিতৰত পঢ়ি উত্তৰো দিছে ৷ এফ আৰ বি এম এক্ট মতে চৰকাৰে নিয়োগৰ ক্ষেত্ৰত কোনো ৱেটিং লিষ্ট (Waiting List) বনাব নোৱাৰে ৷

কিন্তু বিধায়ক মনোৰঞ্জন তালুকদাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সেই উত্তৰত সন্তুষ্ট হোৱা নাই ৷ কাৰণ এজন মানুহে 2/3 টা পদত বাছনি হ’ব পাৰে যদিও সেই মানুহজনে যিকোনো এটা পদতহে যোগদান কৰিব ৷ সেয়ে বাকী পদসমূহ খালী হৈ থাকিব ৷ প্ৰাৰ্থীয়ে কিমান নম্বৰ পালে সেইটো ঘোষণা কৰা আৰু কাট অৱ মাৰ্ক নিৰ্ধাৰণ কৰাৰ দাবী জনাই ৱেটিং লিষ্টৰ ব্যৱস্থা কৰি সেই ৱেটিং লিষ্টৰ পৰাই সেইসমূহ পদ পূৰণ কৰাৰো দাবী জনাইছে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক : Enact law to stop polygamy: বহুবিবাহ বন্ধৰ আইন প্ৰণয়নৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.