ETV Bharat / state

Manoranjan Talukdar vocal against Ranjit kumar Das:বিজেপিৰ নেতাক কূপমণ্ডুক আখ্যা মনোৰঞ্জন তালুকদাৰৰ

author img

By

Published : Aug 14, 2023, 7:23 PM IST

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক প্ৰত্য়াহ্বান বিধায়ক মনোৰঞ্জন তালুকদাৰৰ । বিজেপিৰ কাণ্ডক সৰভোগৰ সৰ্বসাধাৰণ জনতাই হাঁহিছে বুলি মন্তব্য় সৰভোগৰ বিধায়কৰ ।

MLA Manoranjan Talukdar react over BJP minister
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক প্ৰত্য়াহ্বান

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক প্ৰত্য়াহ্বান

বৰপেটাৰোড, ১৪ আগষ্ট : ঐতিহাসিক সৰভোগ সমষ্টিৰ নামটো ভৱানীপুৰৰ লগত উপাধিৰ দৰে ব্যৱহাৰ কৰাৰ পাছত সৰভোগত কালি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সৰভোগ নামটো বাহাল ৰখা বুলি জাহিৰ কৰা কাৰ্যক কঠোৰভাৱে সমালোচনা কৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ ভৱানীপুৰৰ লগত সৰভোগ নামটো সংলগ্ন কৰাত কালি সৰভোগ সমষ্টিৰ বাহিৰৰ বিজনী আৰু নৱ গঠিত মানাহ সমষ্টিৰ পৰা মানুহ আনি সৰভোগত এক জনসভাৰ আয়োজন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক সম্বৰ্ধনা জনোৱা বিজেপিৰ নেতা কৰ্মী সকলক 'কূপমণ্ডুক' বুলি আখ্যা দিয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰে ।

বিজেপিৰ নামত নিজৰ মাকৰ নাম সলনি কৰাত আপত্তি নকৰা বিজেপিৰ নেতা কৰ্মী সকলক কূপমণ্ডুক বুলি আখ্যা দি বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়," বিজেপিৰ এই কাণ্ডক সৰভোগৰ সৰ্বসাধাৰণ জনতাই হাঁহিছে ৷ সমষ্টিৰ বাহিৰৰ পৰা মাত্ৰ ৭/৮ শ মানুহ আনি সৰভোগত সমাবেশ পাতি ভৱানীপুৰৰ লগত উপাধিৰ দৰে সৰভোগ নামটো বাহাল ৰখা বুলি ঢাকঢোল বজায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷" উক্ত সমাবেশত আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত ভৱানীপুৰ-সৰভোগ সমষ্টিৰ পৰা চি পি আই এমক বিদায় দিব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কৰা এক মন্তব্যক বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰত্যাহ্বান জনাই কয়,"সৰভোগৰ পৰা পলায়ন কৰা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সাহস আছে যদি আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰ নিৰ্বাচনত ভৱানীপুৰ-সৰভোগ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হওঁক ৷ "

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে ৰাজনৈতিক যুদ্ধৰ বাবে বিধায়ক মনোৰঞ্জন তালুকদাৰ সাজু আছে বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে ২০২৬ চনৰ নিৰ্বাচনতো দুৰৈৰ কথা ,আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনতেই বিজেপিক ভাৰতবৰ্ষৰ পৰা বিদায় দিয়াৰ বাবে বিৰোধী ঐক্য INDIA ই মাৰবান্ধি থিয় দিছে । তেতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ক'ত থাকে সেয়া অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব বুলিও কয় সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক:MP election 2023 : প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ, প্ৰতিহিংসাৰ ৰাজনীতি আখ্যা কংগ্ৰেছৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.