ETV Bharat / bharat

MP election 2023 : প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ, প্ৰতিহিংসাৰ ৰাজনীতি আখ্যা কংগ্ৰেছৰ

author img

By

Published : Aug 14, 2023, 5:02 PM IST

নিৰ্বাচনত পৰাজিত হ'ব বুলি ভয় খাইছে বিজেপিয়ে । যাৰ বাবে কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ দৰে উপায় অৱলম্বন কৰিছে বিজেপিয়ে । ৰাজ্যখনৰ দায়িত্বত থকা এআইচিচি জে পি আগৰৱালে ইটিভি ভাৰতৰ সন্মুখত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

MP election 2023
প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ

নেশ্যনেল ডেস্ক,১৪ আগষ্ট : এইবছৰৰে শেষৰফালে মধ্যপ্ৰদেশত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত শাসকীয় দল আৰু বিৰোধীৰ মাজত ব্যাপক বাকযুদ্ধ আৰম্ভ হৈছে । ইয়াৰ মাজতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ বিৰুদ্ধে বিজেপিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰায় ৪১ খন এজাহাৰ দাখিল কৰিছে । কংগ্ৰেছে ইয়াক প্ৰতিহিংসাৰ ৰাজনীতি বুলি অভিহিত কৰিছে । ইয়াৰ পাছতো ৰাজ্যখনত কংগ্ৰেছৰ নেতাসকলৰ আক্ৰমণাত্মক নিৰ্বাচনী প্ৰচাৰ অব্যাহত থাকিব বুলি দাবী কৰে বিৰোধী দলটোৱে ।

মধ্যপ্ৰদেশৰ দায়িত্বত থকা এআইচিচি জে পি আগৰৱালে ইটিভি ভাৰতক কয় যে প্ৰিয়ংকা গান্ধী আৰু দলৰ আন জ্যেষ্ঠ নেতাসকলৰ বিৰুদ্ধে দাখিল কৰা ৪১ খন এজাহাৰ বিজেপিৰ প্ৰতিহিংসাৰ ৰাজনীতিৰ অংশ । কংগ্ৰেছক ভাবুকি দিয়াৰ এয়া এক প্ৰয়াস কিন্তু এইবোৰে কংগ্ৰেছক হতাশ কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰে । প্ৰিয়ংকা গান্ধীয়ে এতিয়ালৈকে দুখন ৰেলী সম্বোধন কৰিছে । এখন জবলপুৰত আৰু আনখন গোৱালিয়ৰত । ৰাজ্যখনত তেওঁৰ আক্ৰমণাত্মক প্ৰচাৰ বিধানসভা নিৰ্বাচনলৈকে চলিব বুলিও দাবী কৰে আগৰৱালে । আহি থকা নিৰ্বাচনত পৰাজয়ৰ কথা ভাবিয়ে বিজেপিয়ে এই সকলোবোৰ কৰি আছে বুলি তেওঁ অভিযোগ কৰে ।

জে পি আগৰৱালৰ মতে ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বিষয়টোত মুখ্যতঃ কংগ্ৰেছে গুৰুত্ব দি আহিছে । তেওঁৰ মতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰৰ এক দীঘলীয়া তালিকা আছে যেনে উজ্জয়িনীৰ মহাকাল মন্দিৰ চৌহদত ঈশ্বৰৰ ত্ৰুটিপূৰ্ণ মূৰ্তি, পাটৱাৰী নিযুক্তি কেলেংকাৰী আৰু শেহতীয়াকৈ পোহৰলৈ অহা নাৰ্চিং নিযুক্তি কেলেংকাৰী । তেওঁৰ মতে কংগ্ৰেছে ব্যপম নিযুক্তি কেলেংকাৰীৰ বিষয়ে দীৰ্ঘদিন ধৰি আলোকপাত কৰি আহিছে যিটোৱে এতিয়ালৈকে প্ৰায় ৫০ গৰাকী লোকৰ জীৱন ধ্বংস কৰিছে । কংগ্ৰেছক নীৰৱ কৰিবলৈ বিজেপিয়ে মিছা গোচৰ ৰুজু কৰিছে কিন্তু কংগ্ৰেছে ভয় নাখায় বুলিও দাবী কৰে ।

জে পি আগৰৱালে লগতে কয় যে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলক লক্ষ্য কৰি লোৱা বিষয়টোত তেওঁ সকলোকে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে । আগৰৱালে কয় যে কংগ্ৰেছৰ বিধায়ক জিতু পাটোৱাৰীয়ে বিজেপি বিধায়কসকলৰ সম্পত্তিৰ জৰীপ কৰাৰ বৈধ দাবী উত্থাপন কৰিছে আৰু ইয়াক তেওঁলোকে ২০১৮ চনত নিৰ্বাচনী পেনেলৰ আগত ঘোষণা কৰা সম্পত্তিৰ সৈতে মিলাব লাগে ।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ দুৰ্নীতি বিৰোধী প্ৰচাৰক মধ্যপ্ৰদেশত চলি থকা অভিযানৰ সৈতে তুলনা কৰে । তেওঁৰ মতে পূৰ্বৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰ্ণাটকত দুৰ্নীতি বিৰোধী অভিযানে ভোটাৰসকলক আকৰ্ষিত কৰিছিল । ৰাজ্য চৰকাৰৰ দুৰ্নীতিক লৈ মধ্যপ্ৰদেশৰ লোকসকলৰ মাজত ব্যাপক ক্ষোভ আছে । এইটোৱেই বিজেপিক চিন্তিত কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে ।

আগৰৱালে কয় যে কৰ্ণাটকৰ দৰে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিব বিচৰা নেতাসকলৰ ভিৰ আছে । কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহু সংখ্যক বিজেপি নেতাই কংগ্ৰেছৰ সৈতে যোগদান কৰিছিল । যাৰ বাবে কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিছে । মধ্যপ্ৰদেশত একে ধৰণৰ পৰিস্থিতি দেখা গৈছে বুলি তেওঁ উল্লেখ কৰে ।

আগৰৱালে লগতে কয় যে কংগ্ৰেছ কৰ্মী আৰু নেতাসকলে জিলা-অনুসৰি সন্মিলন অনুষ্ঠিত কৰি আছে যেতিয়া বিভিন্ন এআইচিচি পৰ্যবেক্ষকে ভোটাৰসকলক একত্ৰিত কৰিবলৈ ৰাজ্যজুৰি ভ্ৰমণ কৰি আছে । কৃষকসকলৰ দুৰ্দশা, মহিলাৰ সুৰক্ষা আৰু জনজাতীয় লোকসকলৰ ওপৰত হোৱা অত্যাচাৰৰ দৰে কেইবাটাও বিষয় আছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Seema Haider hoisted tricolor : সীমা হাইদৰৰ মুখত হিন্দুস্তান জিন্দাবাদ শ্ল'গান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.