ETV Bharat / bharat

Seema Haider hoisted tricolor : সীমা হাইদৰৰ মুখত হিন্দুস্তান জিন্দাবাদ শ্ল'গান

author img

By

Published : Aug 14, 2023, 4:04 PM IST

Seema Haider hoisted tricolor
সীমা হাইদৰৰ মুখত হিন্দুস্তান জিন্দাবাদ শ্ল'গান

পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা হাইদৰে দেওবাৰে 'হৰ ঘৰ তিৰংগা' অভিযানৰ অংশস্বৰূপে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।তেওঁ পাকিস্তান মুৰ্দাবাদ আৰু হিন্দুস্তান জিন্দাবাদ শ্ল'গান দিয়ে ।

নেশ্যনেল ডেস্ক,১৪ আগষ্ট : পাকিস্তানৰ কৰাচীৰ পৰা অবৈধভাৱে ভাৰতলৈ অহা সীমা গোলাম হাইদৰৰ কথা আপোনাৰ নিশ্চয় মনত আছে । পুনৰ এবাৰ চৰ্চাত আছে সীমা হাইদৰ । এইবাৰ সীমা হাইদৰৰ মুখ্য পাকিস্তান মুৰ্দাবাদ শ্ল'গান শুনিবলৈ পোৱা গ'ল । কেৱল এয়াই নহয় হিন্দুস্তান জিন্দাবাদ বুলিও শ্ল'গান দিলে পাকিস্তানৰ সীমা হাইদৰে । সম্প্ৰতি সীমা হাইদৰৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । দেওবাৰে সীমা হাইদৰে তেওঁৰ পৰিয়ালৰ সৈতে 'হৰ ঘৰ তিৰংগা' অভিযানৰ অংশ হিচাপে তেওঁৰ ঘৰত ত্ৰিৰংগা উত্তোলনো কৰে ।

উল্লেখ্য যে দেওবাৰে সীমা হাইদৰ আৰু শচীনৰ অধিবক্তা এ পি সিঙে তেওঁলোকক সাক্ষাতৰ বাবে গ্ৰেটাৰ নয়ডাৰ ৰাবুপুৰাত উপস্থিত হয় । তাৰ পাছত তেওঁলোকে ঘৰত ত্ৰিৰংগা উত্তোলন কৰে । এই সময়ছোৱাত সীমা হাইদৰে 'ভাৰত মাতা কী জয়' আৰু 'বন্দে মাতৰমৰ' শ্ল'গান দিয়ে । ইফালে, সীমা হাইদৰে পাকিস্তান মুৰ্দাবাদ দিয়া শ্ল'গানৰ ভিডিঅ'টো ব্যাপক ভাইৰেল হৈ পৰিছে ।

সীমাই কয় যে তেওঁ ভাৰত চৰকাৰৰ হৰ ঘৰ তিৰংগা অভিযানক সমৰ্থন কৰে । এই অভিযানত অংশগ্ৰহণ কৰি তেওঁ নিজৰ ঘৰৰ চালত ত্ৰিৰংগা উত্তোলন কৰিছে । ত্ৰিৰংগা উত্তোলনৰ সময়ত সীমা হাইদৰে ত্ৰিৰংগা প্ৰিণ্টৰ শাৰী পিন্ধি থকা দেখা গৈছে । সীমাৰ ডিঙিত ত্ৰিৰংগাৰ দৰে চুন্নী মেৰিয়াই থোৱা দেখিবলৈ পোৱা গৈছিল । এই সময়ছোৱাত, সকলোৰে হাতত ত্ৰিৰংগাও দেখিবলৈ পোৱা গৈছিল ।

ইফালে সীমা হাইদৰ আৰু শচীনৰ ওপৰত এখন ছবি নিৰ্মাণৰ তথ্য পোহৰলৈ আহিছে । এই সন্দৰ্ভত সীমাই কয় যে তেওঁ কোনো চিনেমা কৰি থকা নাই । শচীনক পোনপটীয়াকৈ ঘৰত লগ কৰিবলৈ তেওঁ আহিছিল ।

সীমা হাইদৰে লগতে কয় যে তেওঁৰ গৰ্ভধাৰণ সম্পৰ্কেও বহুতো আলোচনা হৈ আছে । কিন্তু সেয়া তেওঁৰ ব্যক্তিগত বিষয় । এই সন্দৰ্ভত তেওঁ একো ক'ব নিবিচাৰে । ইয়াক ৰাজহুৱা কৰাটো উচিত নহয় বুলিও সীমাই উল্লেখ কৰে ।

লগতে পঢ়ক :Sunny Deol on Seema Haider: সীমা হাইদৰ আৰু অঞ্জুক লৈ ছানী দেওলৰ মন্তব্য প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.