ETV Bharat / state

Minor suspected death: নাবালিকা বোৱাৰীৰ ৰহস্যজনক মৃত্যু ! স্বামীলৈ সন্দেহৰ আঙুলি

author img

By

Published : May 2, 2023, 6:33 PM IST

Minor suspected death at Kalgachia
হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ

কলগাছিয়াৰ গুণীয়ালগুৰি গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে (Suspected death of a minor girl) ৷ বোৱাৰীগৰাকীক হত্যা কৰি স্বামীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে (Allegation against husband)৷

বোৱাৰীৰ ৰহস্যজনক মৃত্যু

জনীয়া, 2 মে’: ৰাজ্যজুৰি বাল্যবিবাহক লৈ চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ পাচতো গা লৰা নাই একাংশ লোকৰ (Child marriage case) ৷ কলগাছিয়াৰ গুণীয়ালগুৰি গাঁৱত এগৰাকী কিশোৰীক স্বামীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন গৈছে (Suspected death of a minor girl) ৷ পত্নীক পত্যা কৰি স্বামীয়ে আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ তোলে পৰিয়ালৰ লোকে (minor girl suicide case) ৷

ঘটনাৰ বিৱৰণী অনুসৰি কলগাছিয়াৰ গুণীয়ালগুৰি মঙলবাৰে সংঘটিত হয় এই ঘটনা ৷ গুণীয়ালগুৰি গাঁৱৰ নৈমুদ্দিনৰ ১৭ বছৰীয়া কন্যাৰ বগুলামাৰী গাঁৱৰ জুলহাস আলীৰ পুত্ৰ মিজানুৰ ৰহমানৰ লগত বিবাহ কৰোৱা হৈছিল ৷ যদিও কিশোৰীগৰাকীৰ বয়স ১৮ বছৰ নোহোৱাত পিতৃৰ গৃহত আছিল ।

কিন্তু সোমবাৰে কিশোৰীগৰাকীৰ স্বামী মিজানুৰ ৰহমানে শহুৰেকৰ ঘৰলৈ আহি নিশা কটাই ৷ তাৰ পিচত আজি পুৱা প্ৰায় ১১.৩০ মান বজাত পৰিয়ালৰ লোকে ঘৰলৈ আহি ৰান্ধনীশালত কিশোৰীগৰাকীক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগে লগে ঘৰখনত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইফালে তেতিয়ালৈ ঘৰখনত স্বামী মিজানুৰ ৰহমান নথকাত ঘৰৰ লোকৰ স্বামীৰ ওপৰত সন্দেহ হয় (Allegation against husband) ৷

স্বামী মিজানুৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷ কিশোৰীগৰাকীৰ আত্মীয়ি কোৱা অনুসৰি স্বামীয়ে মিজানুৰে পূৰ্বৰে পৰাই পত্নীক মাৰ ধৰ কৰি আহিছিল ৷ সৰু সৰু কথাত কাজিয়া হ’লেই মিজানুৰে মানসিক অত্যাচাৰৰ লগতে শাৰীৰিক অত্যাচাৰো চলাই আহিছিল পত্নীক ৷ এই ঘটনা কোনো কাৰণে আত্মহত্যা হ’ব নোৱাৰে (Allegation of murder) ৷ এই ঘটনাক পৰিকল্পিতভাৱে কৰা হত্যাকাণ্ড বুলি দাবী উত্থাপন কৰে মৃত বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷

স্বামীয়ে হত্যা কৰি পলায়ন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে । সেয়েহে অচিৰেই স্বামীক কৰায়ত্ত কৰি ফাঁচিৰ দাবী জনায় বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে । ঘটনাৰ পিছমুহূৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিচতহে বোৱাৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Child Marriage at Gohpur: নাবালিকাক পলুৱাই নি গহপুৰত ৰঙা ঘৰৰ আলহী হ'ল পিতা-পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.