ETV Bharat / state

গোমুৰা সত্ৰৰ নৱনিৰ্মিত মণিকূট ভৱন উদ্বোধন ৰণজিৎ দাসৰ

author img

By

Published : Aug 28, 2021, 5:09 PM IST

ঐতিহাসিক গোমুৰা সত্ৰৰ নৱনিৰ্মিত মণিকূট ভৱন উদ্বোধন ৷ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ঐতিহাসিক সত্ৰখনত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে মণিকূট ভৱনটো উদ্বোধন কৰে ৷ ঐতিহাসিক কাৰাকুছিৰ শ্ৰী শ্ৰী মাধৱদেৱ পদশিলা সত্ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷

minister ranjit kumar das inaugurated manikut bhawan at gomura satra
গোমুৰা সত্ৰৰ নৱনিৰ্মিত মণিকূট ভৱন উদ্বোধন ৰণজিৎ দাসৰ

বৰপেটা , 28 আগষ্ট : মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ঐতিহাসিক গোমুৰা সত্ৰত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ ঐতিহাসিক সত্ৰখনত উপস্থিত হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে সত্ৰৰ নৱনিৰ্মিত মণিকূট ভৱন উদ্বোধন কৰে ৷ মন্ত্ৰী দাসক সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

ইয়াৰ পাচতে মন্ত্ৰী দাসে ঐতিহাসিক কাৰাকুছিৰ শ্ৰী শ্ৰী মাধৱদেৱ পদশিলা সত্ৰ পৰিদৰ্শন কৰে ৷ শ্ৰী শ্ৰী মাধৱদেৱ পদশিলা সত্ৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকী সৰুক্ষেত্ৰীৰ সৰ্থেবাৰীস্থিত বাপুজী মহাবিদ্যালয়ত উপস্থিত হয় ৷ মহাবিদ্যালয়খনত জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচাল, অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠক উপস্থিত থাকে ৷

ঐতিহাসিক সত্ৰখনত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে মণিকূট ভৱনটো উদ্বোধন কৰে

লগতে পঢ়ক : লংকাৰ গুৰুদ্বাৰ পৰিদৰ্শন বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ

সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে বাপুজী মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে আগন্তুক দিনত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৷ জগন্নাথ মন্দিৰ, গোমুৰা সত্ৰ তথা কাৰাকুছি সত্ৰ আদি যিসমূহ অনুষ্ঠানক লৈ ৰাইজে নিজৰ বুলি গৌৰৱ কৰে সেইসমূহৰ উন্নয়নৰ বাবে অভিভাৱক মন্ত্ৰী হিচাপে তেওঁৰ দায়িত্ব আছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক : ক’ভিড প্ৰট’কল ভংগ কৰি প্ৰণীতা ৰেষ্টুৰেণ্টৰ চাহৰ জুতি ল’লে মন্ত্ৰী যোগেন মহনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.