ETV Bharat / state

বিৰোধীৰ সমালোচনাত ল'জিক বিচাৰি পোৱা নাই অতুল বৰাই

author img

By

Published : Feb 9, 2022, 10:41 PM IST

Municipal Election 2022
বিৰোধীৰ সমালোচনাত ল'জিক বিচাৰি পোৱা নাই অতুল বৰাই

পৌৰ নিৰ্বাচনৰ বাবে ব্যৱস্থা বৃদ্ধি পাইছে অসম গণ পৰিষদৰ (Municipal Election 2022) ৷ ইখনৰ পিছত সিখন সভা অনুষ্ঠিত কৰিছে দলটোৱে ৷ বুধবাৰে বৰপেটাত উপস্থিত হৈ বিৰোধীক চোকা সমালোচনা কৰিলে দলৰ সভপতি অতুল বৰাই ৷

বৰপেটা, ৯ ফেব্ৰুৱাৰীঃ পৌৰ নিৰ্বাচনক লৈ ক্ৰমাৎ তৎপৰ হৈ পৰিছে অগপ (Municipal Election 2022) ৷ অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফনীভূষণ চৌধুৰীৰ উপস্থিতিত নামনি অসমৰ ১৮ খন পৌৰ এলেকাৰ অগপ নেতা-কৰ্মীক লৈ বৰপেটাত অনুষ্ঠিত মাণ্ডলিক সভা ৷

মাণ্ডলিক সভাত অংশগ্ৰহন কৰি অতুল বৰাৰ মন্তব্য- ‘‘বিৰোধী ৰাজনৈতিক দলসমূহৰ সমালোচনাৰ কোনো ল'জিক নাই ৷’’ বিহু সমিতিসমূহক চৰকাৰে ডেৰ লাখ টকাৰ অনুদান দিয়াক লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সমালোচনাক লৈ অতুল বৰাৰ মন্তব্য- ‘‘বহু ৰাজনৈতিক দলে চৰকাৰখনক হকে-বিহকে সমালোচনা কৰে ৷ আমাৰ লক্ষ্য ৰাজ্যখনক দেশৰ ৫ খন ৰাজ্যৰ ভিতৰত স্থান দিয়া ৷ বিৰোধীৰ সমালোচনাৰ কোনো যুক্তি বা ল'জিক নাই ৷ গতিকে তেনে সমালোচনাক আমি কাণ দিয়া নাই আৰু নিদিও ৷’’

বিৰোধীৰ সমালোচনাত ল'জিক বিচাৰি পোৱা নাই অতুল বৰাই

ইপিনে পৌৰ নিৰ্বাচনত বিজেপিৰে স্থানীয় ভিত্তিত মিত্ৰতা হ’ব বুলিও মন্তব্য দিয়ে অগপৰ সভাপতি অতুল বৰাই ৷ ৰাজ্যসভা নিৰ্বাচনত বিৰোধী দলৰ ঐক্যক লৈ অতুল বৰাৰ মন্তব্য, ‘‘কংগ্ৰেছ-এআইইউডিএফ লগ হয়েই ৷ বিগত বিধানসভা নিৰ্বাচনতো তেওলোকৰ মিত্ৰতা হৈছিল ৷ এইটো কোনো নতুন কথা নহয় ৷’’

লগতে পঢ়ক: Assam Municipal Election 2022: ৬ মাৰ্চত ৰাজ্যৰ ৮০ খন পৌৰসভাৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.