ETV Bharat / state

কলগাছিয়াত বেকী নদীৰ ভয়াৱহ খহনীয়া

author img

By

Published : May 28, 2021, 9:08 PM IST

বেকী নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে কলগাছিয়া ৰাজহ চক্ৰৰ আন্তৰ্গত বলাইপাথাৰ-ইছববজাৰত । নিশাৰ ভিতৰতে নদীৰ বুকুত জাহ গ'ল পাঁচটা পৰিয়ালৰ বাসগৃহ । আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

kalgachia erosion story
কলগাছিয়াত বেকী নদীৰ ভয়াৱহ খহনীয়া

জনীয়া, ২৮ মে': ৰাজ্যত কৰ'ণাই ভয়াৱহ সংকটৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ বান-খহনীয়াই চকুৰ টোপনি হৰিছে কলগাছিয়াৰ বলাইপাথাৰ-ইছববজাৰৰ নৈপৰীয়া ৰাইজৰ । বৃহস্পতিবাৰে সন্ধিয়াৰ পৰাই বৃদ্ধি পাইছে বেকী নদীৰ জলপৃষ্ঠ ।

কলগাছিয়াত বেকী নদীৰ ভয়াৱহ খহনীয়া

নিশাৰ ভিতৰতে নদীৰ বুকুত জাহ গ'ল পাঁচটা পৰিয়ালৰ বাসগৃহ । খহনীয়াত উছন হ'ল জামাল উদ্দিন, আব্দুল কালাম, আকমত আলী আৰু ছলিম উদ্দিনৰ বাসগৃহ । ২০টাৰো অধিক পৰিয়াললৈ তীব্ৰ ভাবুকি আনিছে বেকী নদীৰ খহনীয়াই । হঠাতে হোৱা বান আৰু খহনীয়াৰ ফলত ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । আপোন ঘৰখন হেৰুৱাই মুকলি আকাশৰ তলত আশ্ৰয় ল'বলগীয়া হৈছে গৃহহীন পৰিয়ালকেইটাই ।

আনহাতে, গাঁওখনত শেহতীয়াকৈ নিৰ্মাণ কৰা ৰিং বান্ধৰ কাষেৰেই নিশাৰ ভিতৰতে নতুনকৈ নদীৰ সুঁতি ওলাই অহাত বলাইপাথাৰ, খাৰবাল্লী, আমগুৰি আৰু সুঁতিৰপথাৰ গাঁৱৰ ৰাইজ আতংকিত হৈ পৰিছে । ৰিং বান্ধটো সম্প্ৰসাৰণ কৰি চাৰিওখন গাঁও নদীৰ কবলৰ পৰা ৰক্ষা কৰাৰ দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক পাঁচ লাখকৈ টকা ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক:ধিঙৰ দৈনিক বজাৰত ধোঁৱা চাঙত উঠিল ক’ভিড প্ৰট’কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.