ETV Bharat / state

ৰাজ্যৰ ভিন্ন স্থানৰ যুৱক-যুৱতীয়ে আলফাত যোগদান সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

author img

By

Published : May 12, 2022, 4:24 PM IST

শেহতীয়াকৈ পুনৰ আলফা(স্বা)মুখী হৈছে নতুন প্ৰজন্ম (Youths from Assam joining ULFA I) ৷ প্ৰত্যেক দিনাই ৰাজ্যৰ একাংশ যুৱক-যুৱতী যোগদান কৰিছে আলফা (স্বা) ত ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah reacts over youths joining Ulfa I) ৷

jayanta-malla-baruah-reacts-over-youths-joining-ulfa-i
ৰাজ্যৰ ভিন্ন স্থানৰ যুৱক-যুৱতীয়ে আলফাত যোগদান সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

বৰপেটা, 12 মে’: প্ৰত্যেক দিনাই ৰাজ্যৰ ভিন্ন স্থানৰ যুৱক-যুৱতীয়ে আলফা (স্বা) ত যোগদান কৰাৰ উদ্দেশ্যে ঢাপলি মেলিছে অৰণ্যলৈ (Youths joining Ulfa I) ৷ এই সন্দৰ্ভত বৰপেটাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই বহুতে পাৰিবাৰিক সংঘাতৰ বাবেও আলফাত যোগদান কৰিব পাৰে বুলি মন্তব্য কৰে (Jayanta Malla Baruah reacts over youths joining Ulfa I) ৷

লগতে প্ৰতি বছৰে এজন দুজন বা দহজন ল'ৰা আলফালৈ গৈ থাকেই ৷ ৰাজ্যৰ তিনি কোটি ত্ৰিশ লাখ লোকৰ মাজত ক’ৰবাত দহজন বা বিশজন লোক যোৱাৰ কথাটোক আলফাৰ প্ৰতি আকৰ্ষিত হোৱা বুলি মানি ল‘ব নোখোজে জয়ন্ত মল্ল বৰুৱাই ৷

ৰাজ্যৰ ভিন্ন স্থানৰ যুৱক-যুৱতীয়ে আলফাত যোগদান সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

’’অসমৰ ৰাইজে শান্তি বিচাৰিছে আৰু অসমখন প্ৰগতিৰ দিশেৰে আগুৱাই যোৱাতো বিচাৰিছে ৷ আলফা নেতৃত্বয়ো শান্তিৰ পৰিৱেশৰ মাজেৰে সমাধান বিচাৰিছে আৰু চৰকাৰেও সেই দিশেৰেই আগবাঢ়িছে’’ বুলি মন্তব্য কৰে ৰাজনৈতিক সচিবগৰাকীয়ে ৷

চাৰি বছৰীয়া সন্তানক এৰি অৰণ্যলৈ যোৱা দুই পিতৃ-মাতৃৰ প্ৰসংগতো জয়ন্ত মল্ল বৰুৱাই আচলতে ঘটনাটো কি সেই বিষয়ে জানি ল’ব লাগিব বুলি উল্লেখ কৰে ৷ ‘‘চাৰি বছৰীয়া সন্তান এৰি আলফালৈ যোৱাক লৈ আমাৰো চিন্তা হয় ৷ কিন্তু ঘটনাটোৰ ভিতৰলৈ গ'লে জনা যায় তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কিছু কাহিনী জড়িত হৈ আছে’’ এই বুলি মন্তব্য কৰে ৰাজনৈতিক সচিবগৰাকীয়ে ৷

দেশপ্ৰেমৰ বাবে আলফালৈ যোৱা বুলি নাভাৱে জয়ন্তমল্ল বৰুৱাই ৷ অসমত নিবনুৱা সমস্যা থকাৰ কথা স্বীকাৰ কৰি জয়ন্ত মল্ল বৰুৱাই অসমত কৰ্মসংস্থাপনৰ যথেষ্ঠ থল থকা বুলি উল্লেখ কৰে ৰাজনৈতিক সচিবগৰাকীয়ে ৷

লগতে পঢ়ক : আলফা স্বাধীনত যোগদান কৰিলে নেকি ৰঙিয়াৰ ৰিংকু আলীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.