ETV Bharat / state

কলগাছিয়াত ধুবুৰী অভিমুখী বাছ-ট্ৰেভেলাৰ আৱদ্ধ কৰাক লৈ উত্তেজনা

author img

By

Published : Aug 19, 2021, 7:08 PM IST

আন্তঃজিলা যাতায়ত বন্ধ নে খোলা ? কাৰ সাহসত অনায়াসে এখন জিলাৰ পৰা আন জিলালৈ চলি আছে এই বাছ- ট্ৰেভেলাৰসমূহ ?

inter-district-bus-service
কলগাছিয়াত গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী বাছ আৰু ট্ৰেভেলাৰ আৱদ্ধ কৰাক লৈ উত্তেজনা

কলগাছিয়া, 19 আগষ্ট : ৰাজ্য চৰকাৰে সম্প্ৰতি নতুনকৈ ক’ভিড নিৰ্দেশনা জাৰি কৰি ব্যক্তিগত যান-বাহনসমূহক আন্তঃজিলা যাতায়ত কৰাৰ অনুমতি প্ৰদান কৰিছে । কিন্তু ৰাজহুৱা খণ্ডৰ যান বাহনসমূহৰ আন্তঃজিলা যাতায়ত ক্ষেত্ৰত থকা নিষেধাজ্ঞা অব্যাহত ৰাখিছে প্ৰশাসনে ৷ যাৰ বাবে এতিয়া একাংশ চালক তথা মালিকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

inter-district-bus-service
কলগাছিয়াত গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী বাছ আৰু ট্ৰেভেলাৰ আৱদ্ধ কৰাক লৈ উত্তেজনা

প্ৰশাসনৰ এই নিষেধাজ্ঞাৰ পাছতো ৰাজ্যৰ কিন্তু আন একাংশ মালিক তথা চালকে অনায়াসে তিনিখনকৈ জিলা অতিক্ৰম কৰি এইদৰে আন্তঃজিলা যাতায়ত অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে পুৱা বৰপেটাৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ বামুনটাৰী বজাৰত একাংশ মালিক আৰু চালকে মিলি চৰকাৰৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই আন্তঃজিলা যাতায়ত অব্যাহত ৰখা ট্ৰেভেলাৰ আৰু বাছ-গাড়ীক আটক কৰাত অঞ্চলটোত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় ।

কলগাছিয়াত গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী বাছ আৰু ট্ৰেভেলাৰ আৱদ্ধ কৰাক লৈ উত্তেজনা

চৰকাৰৰ আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশৰ পিছত কাক কাক মেনেজ কৰি এইদৰে গুৱাহাটীৰ পৰা ধুবুৰীলৈ, ধুবুৰীৰ পৰা গুৱাহাটীলৈ গাড়ী চলাবলৈ সাহস কৰিলে সেয়া এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক : য়ামনে নৈৰ পাৰত উদ্ধাৰ জোনাইৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.