ETV Bharat / state

কলগাছিয়াত অবৈধ কাঠ ফলা মেচিন সহ লক্ষাধিক টকাৰ কাঠ জব্দ

author img

By

Published : Nov 9, 2020, 6:54 PM IST

কলগাছিয়াত অবৈধ কাঠ ফলা মেচিন সহ লক্ষাধিক টকাৰ কাঠ জব্দ
কলগাছিয়াত অবৈধ কাঠ ফলা মেচিন সহ লক্ষাধিক টকাৰ কাঠ জব্দ

কলগাছিয়াৰ গুনিয়ালগুলিত বন বিভাগৰ অভিযান ৷ অবৈধ কাঠ ফলা মিল উচ্চেদ ৷ কাঠ ফলা মেচিনৰ লগতে লক্ষাধিক টকাৰ কাঠ জব্দ ৷ ৰঙিয়া বন সংমণ্ডলৰ ডিএফঅ'ৰ তত্বাৱধানত উত্তৰ কামৰূপ বন সুৰক্ষা বাহিনীৰ সহযোগত চলে এই অভিযান ৷

জনীয়া, 9 নৱেম্বৰ: কলগাছিয়াত অবৈধ কাঠৰ লগতে কাঠ ফলা মেচিন জব্দ ৷ কলগাছিয়াৰ গুনিয়ালগুলিত বনবিভাগে চলোৱা অভিযানত গুনিয়ালগুৰি গাঁৱৰ পৰা এটা অবৈধ কাঠ ফলা মিলৰ উচ্চেদ কৰাৰ লগতে এটা মেচিন সহ লক্ষাধিক টকাৰ কাঠ জব্দ কৰা হয় ৷ ৰঙিয়া বন সংমণ্ডলৰ ডিএফঅ' ৰ তত্বাৱধানত আৰু উত্তৰ কামৰূপ বন সুৰক্ষা বাহিনীৰ সহযোগত চলা অভিযানত মেচিনৰ লগতে কাঠখিনি জব্দ কৰা হয় ৷

কাঠ ফলা মেচিন উচ্চেদ কৰাৰ লগতে কাঠ আৰু মেচিন জব্দ
কাঠ ফলা মেচিন উচ্চেদ কৰাৰ লগতে কাঠ আৰু মেচিন জব্দ

বৰ্তমানলৈকে এই অবৈধ মিলটোৰ গৰাকী জনৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰিব পৰা নাই যদিও অবৈধ কাঠ ফলা মিল আৰু কাঠ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগতে এনে অভিযান অব্যাহত থাকিব বুলি বন বিষয়াই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:"পাকিস্তান জিন্দাবাদ" বিতৰ্কঃহিমন্তৰ বিৰুদ্ধে গোচৰ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.