ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ ৰাজ্যৰ সৰ্বমুঠ ৩লাখ শিক্ষাৰ্থী সাজু পৰীক্ষালৈ

author img

By

Published : Feb 13, 2019, 9:12 PM IST

পৰীক্ষাৰ বাবে সাজু মাধ্যমিক শিক্ষা পৰিষদ

হাইস্কুল শিক্ষান্ত পৰীক্ষা

বৰপেটা, ১৩ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'বলগীয়া হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ বাবে সাজু হৈছে বৰপেটা জিলা প্ৰশাসন । জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মনে ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত এই কথা প্ৰকাশ কৰিছে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা
জিলাখনত সৰ্বমুঠ ৯৭০০ গৰাকী শিক্ষাৰ্থীয়ে দশম মান শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব । ইয়াৰে ৮০৮৩ গৰাকীয়ে হাইস্কুল আৰু ১৬১৭ গৰাকীয়ে হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হ'ব । জিলাখনত সৰ্বমুঠ ৬০টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ইয়াৰে ১৪টা পৰীক্ষা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে ।

জিলা প্ৰশাসনৰ তৰফৰ পৰা স্পৰ্শকাতৰ কেন্দ্ৰসমূহত স্পেচিয়েল স্কোৱাডৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য পৰীক্ষাকেন্দ্ৰসমূহত ফ্লায়িং স্কোৱাডৰ ব্যৱস্থা থাকিব বুলি প্ৰকাশ কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মনে । পৰীক্ষাকেন্দ্ৰসমূহত চিচিটিভি কেমেৰা সংলগ্ন কৰাৰ লগতে বৰপেটা, বজালী আৰু কলগাছিয়াৰ বাবে তিনিগৰাকী মেন্টৰৰ ব্যৱস্থা কৰা হৈছে বুলিও জনায় বিষয়াগৰাকীয়ে ।

Slug:      A_BAR_13FEB_804TO805_BARPETA_HSLC_EXAM_VIS+BITE_BAPKAN_DAS                   

বৰপেটাত ৯৭০০ জনে বহিব মেট্ৰিক পৰীক্ষাত ৷৷

বৰপেটা, ১৩ ফেব্ৰুৱাৰীঃ কাইলৈ অনুষ্ঠিত হব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ বৰপেটাতো কাইলৈ অনুষ্ঠিত হব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ কাইলৈ বৰপেটাৰ ৬০ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হব  হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ কাইলৈ বৰপেটাৰ ৯, ৭০০ জন ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা বহিব ৷ ইয়াৰে ৮০৮৩ জন হাইস্কুল আৰু ১৬১৮ জন হাই মাদ্ৰাছাৰ পৰীক্ষাৰ্থী ৷ জিলাখনৰ ১৪ টা পৰীক্ষা কেন্দ্ৰক স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে ৷ পৰীক্ষাব্যৱস্থাটো যাতে নিকা আৰু সুস্থভাৱে সম্পন্ন হয় তাৰবাবে প্ৰতিটো পৰীক্ষাকেন্দ্ৰতেই চি চি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে বিদ্যালয় পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মনে ৷

বাইটঃ জ্যোৎস্নাৰাণী বৰ্মন, বিদ্যালয়সমুহৰ পৰিদৰ্শক, বৰপেটা ৷৷

--- বাপকন দাস, বৰপেটা                                                                         
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.