ETV Bharat / state

বৰপেটাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা সভা

author img

By

Published : Oct 5, 2021, 7:03 PM IST

Health minister
বৰপেটাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা সভা

সংখ্যালঘু অধ্যুষিত অঞ্চলত টীকাকৰণৰ হাৰ যথেষ্ট কম । যাৰ বাবে চিন্তিত হৈছে ৰাজ্য চৰকাৰে । সেই অঞ্চলবোৰত টীকাকৰণৰ হাৰ বৃদ্ধি কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে চৰকাৰে । বৰপেটাৰ পৰ্যালোচনা সভাত এই পদক্ষেপৰ কথা ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে ।

বৰপেটা, ৫ অক্টোবৰ : ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । অৱশ্যে সমান্তৰালকৈ বিভিন্ন জিলাত টীকাকৰণ (Vaccination) অভিযানো অব্যাহত ৰাখিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । ইয়াৰ মাজতে ক'ভিড পৰিস্থিতিৰ (Covid situation) বুজ ল'বলৈ বৰপেটা জিলাত উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

বৰপেটাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা সভা

জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে বৈঠকত । বৈঠকৰ পাছতে স্বাস্থ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে, এতিয়ালৈ অসমত আঢ়ৈ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । তেওঁ জনোৱা মতে ৰাজ্যৰ একাংশ সংখ্যালঘু অধ্যুষিত অঞ্চলত ক'ভিড টীকাকৰণৰ হাৰ যথেষ্ট কম । মন্ত্ৰীগৰাকীৰ মতে নগাঁও, কৰিমগঞ্জ, শিলচৰ, ধুবুৰী, হাটশিঙিমাৰী আদি জিলাসমূহত টীকাকৰণৰ হাৰ অতি কম ৷

সেয়ে চৰকাৰে সেই অঞ্চলসমূহত গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা । বুধবাৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়াসকলে (BLO) ঘৰে ঘৰে ভোটাৰ তালিকা লৈ প্ৰতিষেধক গ্ৰহণ নকৰা লোকৰ তালিকা প্ৰস্তুত কৰিব । মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে চৰাঞ্চলসমূহত স্থায়ী টীকাকৰণ শিবিৰ (Vaccination camp) স্থাপন কৰা হ'ব । চিকিৎসকৰ দলে চৰাঞ্চলত বাহৰ পাতি চলাব টীকাকৰণ অভিযান ৷

ইফালে পূজাৰ পূৰ্বে সকলো লোককে প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য আগত ৰাখিছে চৰকাৰে । স্বাস্থ্যমন্ত্ৰী গৰাকীৰ মতে ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যত সম্পূৰ্ণ টীকাকৰণৰ লক্ষ্য চৰকাৰৰ ৷ সমান্তৰালকৈ ক'ভিডৰ তৃতীয় ঢৌৰ বাবেও চৰকাৰ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ উল্লেখ কৰা মতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নিৰ্দেশত ৰাজ্যত ১৯ অক্টোবৰৰ পৰা সকলো বিদ্যালয় খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অৱশ্যে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ নীতি-নিৰ্দেশনা থাকিব । ক'ভিড বিধিৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰেণীসমূহক বিভিন্ন শাখাত ভগাই নিৰ্দিষ্ট সময় অনুসৰি পাঠদান আৰম্ভ কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

লগতে পঢ়ক :ৰাজ্যৰ লক্ষাধিক লোক খাদ্য সুৰক্ষা আঁচনিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.