ETV Bharat / state

আজমলৰ সভাত আৰৱী ভাষা ব্যৱহাৰৰ বিৰোধিতা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

author img

By

Published : Oct 8, 2020, 9:28 PM IST

Garia Maria Deshi Jatiya Parishad protest against Arabik language
আৰৱী ভাষা ব্যৱহাৰৰ বিৰোধিতা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বেনাৰত আৰৱী ভাষাৰ ব্যৱহাৰৰ বিৰোধিতা সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ৷ যদি আজমলে আৰবী ভাষা ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আৰৱত গৈ আৰৱী ভাষা ব্যৱহাৰ কৰাৰ আহ্বান জনায় সংগঠনটোৱে ৷

বৰপেটাৰোড,8 অক্টোবৰ: গোৱালপাৰাৰ এক সভাত AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বেনাৰত আৰৱী ভাষাৰ ব্যৱহাৰক লৈ ক্ষুব্ধ হৈ পৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ৷ গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতাই বৃহস্পতিবাৰে সৰভোগত সাংবাদিকক কয় যে,আজমলে অসমীয়া ভাষাৰ পৰিৱৰ্তে আৰৱী ভাষা ব্যৱহাৰ কৰা কাৰ্যক সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ধিক্কাৰ দিয়ে ৷

সংগঠনটোৰ সদস্যই কয় যে,অসমত আৰৱী ভাষা নচলে ৷ যদি আজমলে আৰবী ভাষা ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আৰৱত গৈ আৰৱী ভাষা ব্যৱহাৰ কৰক ৷

আৰৱী ভাষা ব্যৱহাৰৰ বিৰোধিতা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

আজমলৰ সভাত আৰৱী ভাষা ব্যৱহাৰ কৰা কাৰ্যক অসমীয়া জাতি আৰু ভাষাৰ ওপৰত আক্ৰমণ কৰা বুলি অভিহিত কৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতাই কয় যে,ভাষাৰ ক্ষেত্ৰত আত্মবলিদান দিয়া শ্বহীদ মোজাম্মিল হকক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ৷ তেনেক্ষেত্ৰত ৰাজহুৱা সভাত আৰৱী ভাষা ব্যৱহাৰ কৰা কাৰ্যই অসমীয়া জাতিক অৱমাননা কৰিছে ৷ আজমলৰ এই কাৰ্যৰ বাবে তেওঁ ৰাজহুৱাকৈ ক্ষমা খোজা উচিত ৷

ইয়াৰোপৰি অসমত ধৰ্মীয় আচৰণেৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাত অনাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷

লগতে পঢ়ক: কলগাছিয়াত বন বিভাগৰ অভিযানত জব্দ কাঠফলা মিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.