ETV Bharat / state

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক জগন্নাথ বায়নৰ শেষকৃত্য সম্পন্ন

author img

By

Published : Nov 4, 2021, 5:56 PM IST

বৃহস্পতিবাৰে সম্পন্ন হ'ল সংগীত নাটক অকাডেমী বঁটা প্ৰাপক তথা সত্ৰ ভূষণ উপাধিৰে বিভূষিত জগন্নাথ বায়নৰ অন্ত্যেষ্টিক্ৰিয়া ৷ বুধবাৰে নিশা তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । আজি নখন্দা নদীৰ পাৰৰ ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

Funeral rites of Jagannath Bayan
সংগীত নাটক অকাডেমী বঁটা প্ৰাপক জগন্নাথ বায়নৰ শেষকৃত্য সম্পন্ন

বৰপেটা, ৪ নৱেম্বৰ : বুধবাৰে ইহলীলা সম্বৰণ কৰা বৰপেটাৰ শিৰোমণি জগন্নাথ বায়নৰ শেষকৃত্য বৃহস্পতিবাৰে সম্পন্ন কৰা হয় । ৯৬ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটা সত্ৰীয়া শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি সত্ৰীয়া পৰম্পৰাৰে গায়ন-বায়নৰ খোল-তালৰ শব্দৰ মাজেৰে বৰপেটা সত্ৰৰ দালানৰ সন্মুখলৈ নিয়া হয় । লগতে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক তথা সত্ৰ ভূষণ উপাধিৰে বিভূষিত জগন্নাথ বায়নৰ নশ্বৰ দেহ লগত লৈ বৰপেটা চহৰত শোভাযাত্ৰা কৰে ভকতবৃন্দই ।

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক জগন্নাথ বায়নৰ শেষকৃত্য সম্পন্ন

ইয়াৰ পিছতে বৰপেটাৰ বিভিন্ন দল-সংগঠনে সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় । আজি নখন্দা নদীৰ পাৰৰ ৰাজহুৱা শ্মশানত জগন্নাথ বায়নৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ শিল্পীগৰাকীৰ মৃত্যুত বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,বৰপেটা অভিভাৱক মন্ত্ৰী তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস আদিয়ে শোক প্ৰকাশ কৰিছে ৷

ইফালে, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস, বৰপেটা জিলা সাহিত্য সভা, বৰপেটা প্ৰেছ ক্লাৱ, বৰপেটা জিলা কৰ্মচাৰী পৰিষদ, খিলঞ্জীয়া সুৰক্ষা বাহিনী অসম, সদৌ অসম ছাত্ৰ সংন্থাৰ বৰপেটা জিলা সমিতি, শংকৰদেৱ কলাক্ষেত্ৰ বৰপেটা, তাতীকুছি স্বেচ্ছাসেৱী সংগঠন, ৰাইজিং ক্লাৱকে ধৰি সমগ্ৰ দল-সংগঠনসমূহে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । জগন্নাথ বায়নৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ বৰপেটা জিলাত ।

লগতে পঢ়ক:কালী পূজাৰ প্ৰাকক্ষণত নাহৰকটীয়াৰ কালী মন্দিৰত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.