ETV Bharat / state

Assam State Minorities Morcha: নৱ নিযুক্ত চাকৰিয়ালৰ পৰিয়ালক সম্বৰ্ধনা ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ

author img

By

Published : Jan 30, 2023, 6:41 PM IST

বিজেপিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উদ্য়োগত সম্বৰ্ধনা (BJP Assam State Minorities Morcha)। জনীয়া সমষ্টিৰ সমীপৰ শিমলাবাৰীত ঘৰে ঘৰে গৈ জনালে সম্বৰ্ধনা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে এইদৰে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে ।

Felicitation of Assam State Minority Morcha at Jania
চাকৰিয়ালৰ ঘৰে ঘৰে অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি

চাকৰিয়ালৰ ঘৰে ঘৰে অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি

জনীয়া, ৩০ জানুৱাৰী : নৱ নিযুক্ত ৪৫০০ গৰাকী চাকৰিয়ালৰ ঘৰে ঘৰে যোৱাৰ উদ্দেশ্য বিজেপিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰৰ নেতৃত্বত এটা দলে অভিযান আৰম্ভ কৰিছে (Felicitation of BJP Assam State Minority Morcha at Jania)। এই সকল নৱ নিযুক্ত চাকৰিয়ালৰ পিতৃ-মাতৃক ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে এনে অভিযান আৰম্ভ কৰিছে ।

জনীয়া সমষ্টিৰ সমীপৰ শিমলাবাৰীত এই উদ্দেশ্য়ে ঘৰে ঘৰে উপস্থিত হয় শান্তিয়াছ কুজুৰৰ নেতৃত্বত যোৱা দলটো (Former Rajya Sabha MP Shantiyas Kujur)। দৰিদ্ৰ পৰিয়ালৰ যুৱকসকলে লাভ কৰা সাফল্য়ৰ বাবে তেওঁলোকৰ পিতৃ-মাতৃক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জ্ঞাপন কৰিবলৈ এই দলটোক প্ৰেৰণ কৰিছে ।

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ সীমামূৰীয়া গাঁও শিমলাবাৰীত দলটোৱে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে (CM Dr Himanta Biswa Sarma)। এই অভিযানত বিজেপিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰৰ উপৰিও উপ-সভাপতি খলিলুৰ ৰহমান, বঙাইগাঁও জিলাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ আহ্বায়ক মকিবুৰ হুছেইন মজুমদাৰৰ লগতে জিলা সংখ্যালঘু মৰ্চাৰ ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে ।

একেখন গাঁৱৰে অগ্নি নিৰ্বাপক বাহিনীত জাহিৰুল ইছলাম, অসম আৰক্ষীৰ কনিষ্টবল লোকমান হুছেইন আৰু আৰক্ষী উপ-পৰিদৰ্শক বাহাৰুল ইছলামৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ পিতৃ -মাতৃৰ সৈতে মত-বিনিময় কৰি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই আৰ্শীবাদ লয় । অতিকৈ ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ যুৱককেইজনে এটকা উপঢৌকন নিদিয়াকৈ যোগ্যতাৰ ভিত্তিত চাকৰি লাভৰ সুযোগ দিয়া বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে পৰিয়ালকেইটাৰ সদস্য়সকলে ।

আনহাতে,সংখ্যালঘূ পৰিয়ালৰ ল'ৰা-ছোৱালীয়ে আৰু দুগুণ উৎসাহেৰে লিখা-পঢ়া কৰি এনে দৰে যোগ্যতা ভিত্তিত চাকৰি লাভৰ বাবে চেষ্টা চলাব বুলি প্ৰাক্তন সাংসদগৰাকীয়ে কয় । এই অভিযান যোৱা ২১ জানুৱাৰীৰ পৰা অহা ১০ ফেব্ৰুৱাৰীলৈ চলিব বুলি কয় প্ৰাক্তন সাংসদগৰাকীয়ে ।

লগতে পঢ়ক:Balisatra Rajohua Sobah Mahutsav: কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বালিসত্ৰ ৰাজহুৱা সবাহ মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.