ETV Bharat / state

Family attack at Kalgachia: কাজিয়া কৰিছিল জীয়েকহঁতে, আক্ৰমণৰ বলি হ’ল পৰিয়ালৰ আন সদস্য

author img

By

Published : Oct 29, 2022, 8:25 AM IST

Family attack at Kalgachia
কাজিয়া কৰিছিল জীয়েকহঁতে, আক্ৰমণৰ বলি হ’ল পৰিয়ালৰ আন সদস্য

কলগাছিয়াত অঘটন ৷ দুই বান্ধবীৰ কাজিয়াই লয় ভয়ংকৰ ৰূপ ৷ কাষৰীয়াৰ চোকা অস্ত্ৰৰ আক্ৰমণত আহত একেটা পৰিয়ালৰ দুজনকৈ সদস্য (Attempt to Murder at Kalgachia) ৷

জনীয়া,29 অক্টোবৰ: কলগাছিয়াত অঘটন ৷ তাপেশ্বৰা গাঁৱত চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুজন যুৱক ৷ আহত দুয়োকে বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷

ঘটনাৰ বিৱৰণি অনুসৰি, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তাপেশ্বৰা গাঁৱত দুটা পৰিয়ালৰ মাজত সূত্ৰপাত ঘটিছিল সংঘাতৰ ৷ এই সংঘাতেই পাচত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল (Family attack at Kalgachia)৷ অভিযোগ অনুসৰি, গাঁওখনৰ বাসিন্দা আয়ুব উদ্দিন আৰু আবু বাক্কাৰ ছিদ্দিকৰ দুই পৰিয়ালৰ সদস্যৰ মাজত সংঘটিত আক্ৰমণ- প্ৰতি আক্ৰমণ হয় ৷

ফলত গুৰুতৰভাৱে আহত হয় সাইজুদ্দিন আহমেদ আৰু তাইজুদ্দিন আহমেদ নামৰ একেটা পৰিয়ালৰ দুজনকৈ সদস্য ৷ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুয়োকে উদ্ধাৰ কৰি স্থানীয় ৰাইজৰ তৎপৰতাত অতি সংকটজনক অৱস্থাত কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

কাজিয়া কৰিছিল জীয়েকহঁতে, আক্ৰমণৰ বলি হ’ল পৰিয়ালৰ আন সদস্য

স্থানীয় লোকৰ ভাষ্য অনুসৰি, চাৰিদিন পূৰ্বে গাঁওখনৰ বাসিন্দা আয়ুব উদ্দিন আৰু আবু বাক্কাৰ ছিদ্দিকৰ দুই কন্যাৰ মাজত সৃষ্টি হৈছিল এখন কাজিয়া ৷ এই কাজিয়াক কেন্দ্ৰ কৰিয়েই পৰিয়াল দুটাৰ মাজত সূত্ৰপাত ঘটে সংঘাতৰ ৷ এই লৈ তাপেশ্বৰা লাকী বজাৰত দুয়োটা পৰিয়ালৰ সদস্যই মাৰপিটত লিপ্ত হৈছিল যদিও সেই সময়ত সেই স্থানত উপস্থিত স্থানীয় ৰাইজে দুয়োপক্ষক নিয়ন্ত্ৰণ কৰি মীমাংসা কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

কিন্তু শুকুৰবাৰে সাইজুদ্দিন আহমেদ নামৰ লোকজনে ঘৰলৈ গৈ থকাৰ অৱস্থাত আবু বক্কাৰ ছিদ্দিককে ধৰি তেওঁৰ পৰিয়ালক সদস্য ক্ৰমে আকবৰ আলী, মালেক আলী, শুকুৰ আলী আৰু আশকৰ আলীয়ে আদবাটত আগছি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে (Attempt to Murder at Kalgachia) ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷

ইফালে ভাতৃক আক্ৰমণ কৰা বুলি জানিব পাৰি সেই স্থানত উপস্থিত হোৱা সাইজুদ্দিন আহমেদ নামৰ আন এজন সদস্যকো আক্ৰমণ কৰে অভিযুক্ত পৰিয়ালটোৱে ৷ বৰ্তমান বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা দুয়োৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে বাতৰি যুগুত কৰাৰ সময়লৈকে আটক হোৱা নাই এজনো আক্ৰমণকাৰীক ৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্যতা ৷

লগতে পঢ়ক : Complain against ABMSU leaders: এইবাৰ এবিএমছুৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.