বৰপেটাত ভুৱা ভোটাৰ পৰিচয় পত্ৰ প্ৰস্তুত চক্ৰ উৎখাত, ধৃত ৩

author img

By

Published : Oct 9, 2022, 8:32 PM IST

Barpeta
Barpeta ()

বৰপেটাত ভুৱা ভোটাৰ পৰিচয়-পত্ৰ (fake voter ID cards in Barpeta) প্ৰস্তুতৰ সৈতে জড়িত বৃহৎ চক্ৰ উৎখাত (fake voter ID cards racket busted in Barpeta) ৷ 'ডি' ভোটাৰসকলক এই চক্ৰটোৱে প্ৰদান কৰি আহিছিল ভুৱা ভোটাৰ পৰিচয়-পত্ৰ ৷ ভুৱা ভোটাৰ পৰিচয়-পত্ৰ প্ৰস্তুত চক্ৰটোৰ মূল নায়ক ফাৰুক খানসহ তিনি অভিযুক্তক গ্ৰেপ্তাৰ ৷

বৰপেটা, ৯ অক্টোবৰ : বৰপেটাত দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা ভুৱা ভোটাৰ পৰিচয়-পত্ৰ (fake voter ID cards in Barpeta) প্ৰস্তুতৰ সৈতে জড়িত বৃহৎ চক্ৰ উৎখাত (fake voter ID cards racket busted in Barpeta) ৷ 'ডি' ভোটাৰসকলক এই চক্ৰটোৱে প্ৰদান কৰি আহিছিল ভুৱা ভোটাৰ পৰিচয়-পত্ৰ ৷ ভুৱা ভোটাৰ পৰিচয়-পত্ৰ প্ৰস্তুত চক্ৰটোৰ মূল নায়ক ফাৰুক খানসহ তিনি অভিযুক্তক গ্ৰেপ্তাৰ ৷

ধৃত তিনি অভিযুক্ত হৈছে ফাৰুক খান, আব্দুল আলী আৰু ছহিদুল ৷ ইপিনে ধৃত ফাৰুক খানৰ পৰা জব্দ কৰা হৈছে জালিয়াতিৰে প্ৰস্তুত কৰা ২৬২ খন ভুৱা ভোটাৰ পৰিচয়-পত্ৰ (3 arrested for fake voter ID cards in Barpeta) ৷

এগৰাকী BLO-ৰ খবৰৰ ভিত্তিত বৰপেটাৰ নিৰ্বাচনী বিষয়া (Barpeta election officer) আৰু আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি সংকট কঢ়িয়াই আনিব পৰা এই ভুৱা ভোটাৰ পৰিচয়-পত্ৰ চক্ৰটোৰ তথ্য ৷ বৰপেটাৰ নিৰ্বাচনী বিষয়াই জনোৱা মতে, ডি ভোটাৰ (D voter) চিহ্নিত সন্দেহজনক ভোটাৰসকলক নিৰ্বাচনী আয়োগৰ নিয়ম অনুযায়ী কোনো ভোটাৰ পৰিচয়-পত্ৰ প্ৰদান কৰা নহয় ৷

বৰপেটাত ভুৱা ভোটাৰ পৰিচয় পত্ৰ প্ৰস্তুত চক্ৰ উৎখাত, ধৃত ৩

কিন্তু ফাৰুক খানৰ নেতৃত্বত বৰপেটাত এই চক্ৰটোৱে নিৰ্বাচন আয়োগৰ সকলো নীতি-নিৰ্দেশনা ভৰিৰে মোহাৰি ডি ভোটাৰসকলক জালিয়াতিৰে প্ৰদান কৰি আহিছিল ভোটাৰ পৰিচয়-পত্ৰ ৷ শেহতীয়াভাৱে বৰপেটাৰ নিৰ্বাচনী বিষয়া ময়ূৰাক্ষী দত্তই বৰপেটা সদৰ থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে অনুসন্ধান চলাই ভুৱা ভোটাৰ পৰিচয়-পত্ৰ প্ৰস্তুত কৰা চক্ৰটোক উৎখাত কৰে ৷

বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত আজি বৰপেটা চহৰৰ তিনিটা স্থানত অভিযান চলাই ভুৱা ভোটাৰ পৰিচয়-পত্ৰ প্ৰস্তুত কৰা লেপটপ, কম্পিউটাৰ, প্ৰিণ্টাৰ আদি জব্দ কৰে আৰক্ষীয়ে ৷ বৰপেটাত সন্দেহজনক নাগৰিকৰ নামত ভুৱা ভোটাৰ পৰিচয়-পত্ৰ প্ৰস্তুতৰ সৈতে জড়িত বৃহৎ চক্ৰ উৎখাতৰ ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক :গুৱাহাটী ৰেল ষ্টেচনত নকল সোণসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.