ETV Bharat / state

বিজেপি চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ আছেঃ ৰকিবুল হুছেইন

author img

By

Published : Sep 16, 2020, 10:41 PM IST

আগন্তুক নিৰ্বাচনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ সমষ্টি সৰভোগৰ পৰাই বিজেপিৰ পতন আৰম্ভ হ'ব ৷ গতিকে,বিজেপি চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ আছে বুলিও মন্তব্য প্ৰদান কৰে ৰকিবুল হুছেইনে ৷ বুধবাৰে বৰপেটাৰোডত উপস্থিত হৈ এই মন্তব্য প্ৰদান প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷

EX Minister Rokibule Hussain Reaction On Upcoming Election
বিজেপি চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ আছেঃ ৰকিবুল হুছেইন

বৰপেটাৰোড, 16 ছেপ্তেম্বৰ : আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ মিছন 100 ক কটাক্ষ কৰি প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে বিজেপিৰ মিছন প্লাচ 100 নহয় বিজেপিৰ মিছন মাইনাচ 100 হে হ'ব ৷ লগতে,আগন্তুক নিৰ্বাচনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ সমষ্টি সৰভোগৰ পৰাই বিজেপিৰ পতন আৰম্ভ হ'ব বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে,আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু সহযাত্ৰী দলেহে 100 আসন পাব আৰু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব ৷ গতিকে,বিজেপি চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ আছে বুলিও মন্তব্য প্ৰদান কৰে ৰকিবুল হুছেইনে ৷ বুধবাৰে বৰপেটাৰোডত উপস্থিত হৈ এই মন্তব্য প্ৰদান প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷

বিজেপি চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ আছেঃ ৰকিবুল হুছেইন

তেওঁ আকৌ কয় যে,আগন্তুক নিৰ্বাচনৰ পূৰ্বে যদি সমষ্টি পুনৰ নিৰ্ধাৰণ হয় তেন্তে ৰকিবুল হুছেইনে 50 হাজাৰ ভোটত জিকিব আৰু যদি সমষ্টি পুনৰ নিৰ্ধাৰণ নহয় তেন্তে ৰকিবুল হুছেইনে 30 হাজাৰ ভোটত জিকিব বুলি উল্লেখ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় ডিলিমিটেচন কমিটীৰ কথাবোৰ এগৰাকী মন্ত্ৰীয়ে আইন বিৰোধী সংবিধান বিৰোধী কথা কিদৰে কব পাৰে সেইলৈ প্ৰশ্ন উত্থাপন কৰে ৷

বিজেপি চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ আছেঃ ৰকিবুল হুছেইন

লগতে পঢ়ক : ডিমাপুৰ বোমা বিস্ফোৰণত আহত পৰিয়াললৈ আমছুৰ সাহাৰ্য প্ৰদান

আনহাতে,মিচিং,দেউৰী,ৰাভাকে ধৰি ছয় জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ লগতে বামপন্থী আৰু এ আই ইউ ডি এফৰ লগত কংগ্ৰেছ দলে এক মহাজোঁট বন্ধনৰ কথা চলি থকাৰ মাজতে কংগ্ৰেছ দলে একমাত্ৰ এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰা বুলি প্ৰচাৰ চলোৱা বিজেপিৰ এই মন্তব্যৰ উত্তৰ দি প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে,নগাঁও,মঙলদৈ,গোৱালপাৰা আদি জিলাত বিজেপিয়ে এ আই ইউ ডি এফৰ সমৰ্থনত জিলা পৰিষদ গঠন কৰিছিল ৷

বিজেপি চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ আছেঃ ৰকিবুল হুছেইন

ইফালে, 6নং দফা সম্পৰ্কত প্ৰশ্নৰ উত্তৰত ৰকিবুল হুছেইনে কয় যে, বিজেপিৰ কোনো নীতি আদৰ্শ নাই ৷ বিজেপিয়ে এবাৰ উচ্চতম ন্যায়ালয়ত শপতনামা দি কৈছিল 1971 চনৰ 25 মাৰ্চৰ পাছত অহা কোনো লোককে এন আৰ চিত নাম সন্নিৱিষ্ট কৰা নহ'ব ৷ তাৰ পিচতে CAA আনিলে লগতে 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে 12 জনীয়া কমিটী গঠন কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু 12 জনীয়া কমিটীয়ে অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে বুলিও তেওঁলোকৰ মন্ত্ৰীয়ে বিৰুদ্ধাচৰণ কৰিছে বুলি কয় ৰকিবুল হুছেইনে ৷ আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জন্মলাভ কৰা নতুন ৰাজনৈতিক দলটোলৈ শুভেচ্ছা জনাই ৰকিবুল হুছেইনে ৷

লগতে পঢ়ক : শ্বকৰ্মা পূজা আৰু মহালয়া আয়োজনক লৈ নিৰ্দেশনা জাৰি উপায়ুক্ত বিশ্বজিৎ পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.