ETV Bharat / state

নিৰাপত্তা ব্যৱস্থা নোহোৱাকৈ ভৱানীপুৰত কঢ়িওৱা হৈছিল নেকি EVM ?

author img

By

Published : Oct 31, 2021, 7:20 PM IST

evms-are-carried-without-security-arrangements-in-bhavanipur
নিৰাপত্তা ব্যৱস্থা নোহোৱাকৈ ভৱানীপুৰত কঢ়িওৱা হৈছিল নেকি EVM ?

ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰৰ পৰা বজালী কলেজৰ ষ্ট্ৰং ৰুমলৈ নিৰাপত্তা ব্যৱস্থা নোহোৱাকৈ ই ভি এম কঢ়িয়াই নিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ । এই সন্দৰ্ভত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে সমষ্টিটোৰ ৰিটাৰ্ণিং বিষয়া, প্ৰিজাইডিং বিষয়া আৰু প'লিং বিষয়াৰ বিৰুদ্ধে মুখ্য নিৰ্বচনী বিষয়ালৈ স্মাৰক পত্র প্ৰেৰণ কৰে। লগতে প্ৰতিলিপি দেশৰ মুখ্য নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰে ।

গুৱাহাটী,৩১ অক্টোবৰ : নিৰ্বাচনী বিধি উলংঘা কৰি কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা নোহোৱাকৈ ই ভি এম কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে । শনিবাৰে ভোটদান হোৱাৰ পাছত ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰৰ পৰা বজালী কলেজৰ ষ্ট্ৰং ৰুমলৈ নিৰাপত্তা ব্যৱস্থা নোহোৱাকৈ ই ভি এম কঢ়িয়াই নিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ।

নিৰাপত্তা ব্যৱস্থা নোহোৱাকৈ ভৱানীপুৰত কঢ়িওৱা হৈছিল নেকি EVM ?

এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে সমষ্টিটোৰ ৰিটাৰ্ণিং বিষয়া, প্ৰিজাইডিং বিষয়া আৰু প'লিং বিষয়াৰ বিৰুদ্ধে মুখ্য নিৰ্বচনী বিষয়ালৈ স্মাৰক পত্র প্ৰেৰণ কৰে । লগতে প্ৰতিলিপি দেশৰ মুখ্য নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰে । প্ৰদেশ কংগ্ৰেছৰ আইনী বিভাগৰ তৰফৰ পৰা এই স্মাৰক পত্র দিয়া হয় । স্মাৰক পত্রত উল্লেখ কৰা হয় যে ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰ সমূহৰ পৰা নিশা ভোটদান হোৱাৰ পাছত ই ভি এম সমূহ বজালী হাইস্কুললৈ বাহনেৰে নিয়া হৈছিল ।

ইয়াৰ পিছত বজালী হাইস্কুলৰ পৰা ই ভি এম সমূহ প্ৰিজাইডিং বিষয়া আৰু প'লিং বিষয়াৰ বজালী কলেজত স্থাপন কৰা ষ্ট্ৰং ৰুমলৈ কঢ়িয়াই নিছিল । বজালী হাইস্কুল আৰু বজালী কলেজৰ মাজৰ দূৰত্ব কমেও পাঁচশ মিটাৰ । অভিযোগ অনুসৰি, এই পাঁচশ মিটাৰ দূৰত্বলৈ কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা নোহোৱাকৈ ই ভি এম সমূহ কঢ়িওৱা হৈছিল । যাৰ দ্বাৰা নিৰ্বাচনী বিধি উলংঘা কৰা হৈছে ।

এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ভিডিঅ' ফুটেজো দিয়া হয় । ইয়াৰ দ্বাৰা ৰিটাৰ্ণিং বিষয়া, প্ৰিজাইডিং বিষয়া আৰু প'লিং বিষয়াই নিৰ্বাচনী বিধি উলংঘা কৰিছে বুলি অভিযোগ কৰি প্ৰদেশ কংগ্ৰেছে উপ-নিৰ্বাচনৰ নিকা-স্বচ্ছতাকলৈয়ো প্ৰশ্ন উত্থাপন কৰে । প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা বিষয়টো গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনোৱা হয় । লগতে ষ্ট্ৰং ৰুমত নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবেও দাবী জনায় ।

লগতে পঢ়ক : 3 অক্টোবৰত মুকলি হ'ব দিছপুৰৰ ফ্লাই অভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.