ETV Bharat / state

Erosion in Kalgachia: কলগাছিয়াৰ বলাইপথাৰত আৰম্ভ হ’ল খহনীয়া প্ৰতিৰোধৰ কাম; ৰাইজৰ মুখত সুখৰ হাঁহি

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 1:18 PM IST

বেঁকী নৈৰ গৰাখহনীয়াই নৈ পৰীয়া ৰাইজৰ সপোনৰ ঘৰৰ লগতে শস্য শ্যামলা কৃষি ভূমি উচন কৰিছে । বলাইপাথাৰত বেকীনৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত আমছুই এই ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকাক আহ্বান জনোৱাত গৰাখহনীয়া প্ৰতিৰোধৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ ।

Erosion of Banki River
বেঁকী নৈৰ গৰাখহনীয়া

বেঁকী নৈৰ গৰাখহনীয়া

জনীয়া, ১৯ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত বলাইপাথাৰত বেঁকীনৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত শংকিত হৈ পৰিছে ৰাইজ ৷ ইতিমধ্যে নৈখনৰ খহনীয়াত জাহ গৈছে ঘৰ মাটি ভেটিৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি ৷ ফলত স্থানীয় ৰাইজৰ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়েহে দেওবাৰে কলগাছিয়াৰ বলাইপথাৰত গৰাখহনীয়া পৰিদৰ্শন কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল । ইয়াৰ পিচতেই কলগাছিয়াৰ বলাইপথাৰত গৰাখহনীয়া প্ৰতিৰোধৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰাত মন্ত্ৰী পীযুষ হাজৰীকাক ধন্যবাদ জ্ঞাপন আমছুৰ ।

কালি কলগাছিয়া জিলা আমছুৰ এটা সজাতি দলে কলগাছিয়াৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে । কলগাছিয়াৰ বলাইপথাৰত গৰাখহনীয়া প্ৰতিৰোধৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰা বাবে মন্ত্ৰী পীযুষ হাজৰীকাক ধন্যবাদ জ্ঞাপন আমছুৰ জিলা সমিতিয়ে । উল্লেখ্য যে, যোৱা দেওবাৰে কলগাছিয়াৰ বলাইপথাৰত গৰাখহনীয়া পৰিদৰ্শন কৰিছিল আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । গৰাখহনীয়া পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰীগৰাকীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল আমছুৱে ।

এই স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ পিছতেই বিভাগীয় কৰ্তৃপক্ষই ৬০ হেজাৰ পাৰ্কুপাইন আৰু ১ লাখ জিঅ' বেগ আৱণ্টন দিছে বুলি উল্লেখ কৰে আমছুৱে ।ইয়াৰ উপৰি কলগাছিয়াৰ বলাইপথাৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিব বুলিও ফোনযোগে মন্ত্ৰী পীযুষ হাজৰীকাই ৰেজাউল কৰিম সৰকাৰক আশ্বাস প্ৰদান কৰিছে বুলিও কয় আমছুৱে ।

সোমবাৰে বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে যদিও গৃহহীন হোৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰো দাবী জনায় আমছুৱে । ইফালে, বলাইপথাৰৰ দুমহলীয়া মদিনা মছজিদ বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰাত মছজিদখন ৰক্ষা কৰিবলৈ নেদেখাজনৰ ওচৰত কান্দি কান্দি আহ্বান জনায় এজন ইছলাম ধৰ্মীয় লোকে ।

প্ৰতিবছৰে বানপানী আৰু বেঁকী নৈৰ গৰাখহনীয়াই নৈ পৰীয়া ৰাইজৰ সপোনৰ ঘৰ তথা শস্য শ্যামলা কৃষি ভূমি উচন কৰি পথৰ ভিক্ষাৰীত পৰিণত কৰি আহিছে । জিলাখনৰ জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰৰ উপৰি কাউৰঝাহি, খাৰবাল্লী আৰু শওপুৰ গাঁৱত বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ ফলত নিতৌ চপৰা চপৰে বেঁকী নদীয়ে খহাই নিছে এই লোকসকলৰ ভেঁটি মাটি। উল্লেখযোগ্য যে, স্থানীয় বিধায়কৰ লগতে বৰপেটাৰ সাংসদ আব্দুল খালেকক এই বিষয়ে বাৰম্বাৰ অৱগত কৰা হৈছে ৷

লগতে পঢ়ক:Scam allegation: আমগুৰিত কৃষিবান্ধ নিৰ্মাণৰ নামত কৃষকক প্ৰতাৰণাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.