ETV Bharat / state

কলগাছিয়াৰ গুইলেজাত অব্যাহত বেকী নদীৰ গৰাখহনীয়া

author img

By

Published : Jun 27, 2021, 9:48 AM IST

বিগত দহ বছৰ ধৰি বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰন কৰি গুইলেজা, বৰডাংগা, চৰচৰীয়া, জেকনিকুৰা, মিনিছিমলা আদি ৰাজহ গাঁও সমূহ নিশ্চিহ্ন কৰি পেলোৱাৰ লগতে বানপানীৰ প্ৰাক মূহুৰ্তত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰন কৰি চৰ গুইলেজাত কেইবাটাও পৰিয়ালৰ ঘৰ-ভেটি উচন কৰিছে ৷

as_jania_erosion_at_guileza_vis_asc10058
কলগাছিয়াৰ গুইলেজাত অব্যাহত বেকী নদীৰ গৰাখহনীয়া

জনীয়া, 27 জুন : বেকী নদীৰ গৰাখহনীয়াই কলগাছিয়াত লৈছে ভয়ংকৰ ৰূপ ৷ বাৰিষাৰ অহাৰ লগে লগে বেকী নৈৰ কালৰূপে নিদ্ৰা হৰণ কৰিছে স্থানীয় লোকৰ ৷ কালগাছিয়াৰ আন আন ঠাইৰ লগতে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ গুইলেজা গাঁৱতো আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া ৷ ইতিমধ্যে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ গৰাখহনীয়াৰ কৱলত পৰিছে । ভয়ংকৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে বেকী নৈত উটি গৈছে চাৰিখনকৈ ৰাজহ গাঁও ।

বিগত দহ বছৰ ধৰি বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি গুইলেজা, বৰডাংগা, চৰচৰীয়া, জেকনিকুৰা, মিনিছিমলা আদি ৰাজহ গাঁও সমূহ নিচিহ্ন কৰি পেলোৱাৰ লগতে বানপানীৰ প্ৰাক মূহুৰ্তত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি চৰ গুইলেজাত কেইবাটাও পৰিয়ালৰ ঘৰ-ভেটি উচন কৰিছে ৷ অঞ্চলটোৰ সদ্য নিৰ্মিত 25 লাখ টকীয়া ৰিং বান্ধো খহনীয়াৰ কৱলত পৰিছে । যাৰ ফলত চিন্তিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ।

কলগাছিয়াৰ গুইলেজাত অব্যাহত বেকী নদীৰ গৰাখহনীয়া

খহনীয়াৰ কৱলত পৰি আপোন ঘৰখন হেৰুৱাই নিৰাপদ স্থানত আশ্ৰয় লৈছে একাংশ ভুক্তভোগী লোকে । ঘৰ-দুৱাৰ হেৰুৱাই পদ পথত আশ্ৰয়লৈ থকা লোক সকলৰ আহ্বান, চৰকাৰে শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰক আৰু লোক সকলক পুনৰ সংস্থাপন কৰক ।

উল্লেখ্য যে, বৰপেটাৰ বাঘবৰ বিধানসভা সমষ্টি আৰু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰী,হালধিয়াপাৰা,জয়পুৰ ছিকাটাৰী,হাদিৰাচকী আদি গাঁৱতো খৰালীৰ সময়তো বেঁকী নৈয়ে আৰম্ভ কৰিছিল ব্যাপক গৰাখহনীয়া । বিগত দুমাহৰ ভিতৰত হালধিয়াপাৰা গাঁৱত বেকী নদীয়ে তাণ্ডৱ চলাই 30 টাৰো অধিক পৰিয়ালৰ ঘৰ-ভেটি উছন কৰাৰ লগতে বহু বিঘা খেতি মাটি ধ্বংস কৰিছে ।

ফলত ভুক্তভোগী পৰিয়ালে নদীৰ পাৰত নাইবা আন ঠাইত ছাউনি পাতি নিশা যাপন কৰিব লগা হৈছে যদিও কাণসাৰ দিয়া নাই প্ৰসাশনে । সেয়ে শীঘ্ৰে ভুক্তভোগী সকলক ক্ষতিপূৰণ দিয়াৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছিল স্থানীয় ৰাইজে । কিন্তু ৰাইজৰ কথা ভাবিবলৈ যেন সময়ে নাই ৰজাঘৰীয়াৰ ৷

আনহাতে, বিগত বৰ্ষত বৰপেটাৰ সাংসদ আব্দুল খালেকে সাওৰাচৰা পথাৰ গাঁৱত নাম মাত্ৰ বাঁহৰ পাৰ্কুপাইন নিৰ্মাণ কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও বানে সেয়া উটুৱাই নিয়াত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে খহনীয়াই ৷ অঞ্চলবাসীয়ে শীঘ্ৰে এই সমস্যা সমাধানৰ দাবীত চৰকাৰক দাবী জনাইছে ৷ অন্যথা অঞ্চলটো অচিৰে বেকীৰ বুকুত জাহ যাব বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: Etv Bharatৰ বাতৰিৰ প্ৰভাৱ: কাউৰজাহীত উপস্থিত চক্ৰ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.