ETV Bharat / state

উপ-নিৰ্বাচন: ভৱানীপুৰত প্ৰচাৰৰ বাবে বিজেপি মিত্ৰজোঁটৰ নেতাৰ ভিৰ

author img

By

Published : Oct 22, 2021, 1:11 PM IST

বৃহস্পতিবাৰে নিশালৈ ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ত চলিল নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ(Phanidhar Talukdar)ৰ সপক্ষে প্ৰচাৰ চলাবলৈ সভাত অংশগ্ৰহণ কৰে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা(Atul Bora), মন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta), সাংসদ দিলীপ শইকীয়া(Dilip Saikia), বিধায়ক জয়ন্ত মল্ল বৰুৱা(Jayanta Malla Baruah), বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন দাস(Gunin Das), ন-অগপ নেতা ডাঃ তাৰা প্ৰসাদ দাস(Tara Prasad Das)কে বহুকেইগৰাকী নেতাই ৷

election campaign at bhawanipur constituency
ভৱানীপুৰত নিৰ্বাচনী প্ৰচাৰ

পাঠশালা, 22 অক্টোবৰ : ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন(By Election)ক কেন্দ্ৰ কৰিয়েই সমষ্টিটোলৈ এতিয়া তাঁত-বাতি কাঢ়িছে ৰাজ্যৰ শাসক-বিৰোধীৰ বহু দলীয় নেতা-পালিনেতাই ৷ বিভিন্ন দলৰ নেতা-মন্ত্ৰীসকলে যেন হামখুৰি খাই পৰিছে সমষ্টিটোত ৷ বৃহস্পতিবাৰে অগপ(AGP) দলৰ উদ্যোগত ভোগপুৰ ৰাসথলীত নিশালৈ চলে নিৰ্বাচনী প্ৰচাৰ সভা ৷

election campaign at bhawanipur constituency
ভৱানীপুৰত নিৰ্বাচনী প্ৰচাৰ

বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ(Phanidhar Talukdar)ৰ সপক্ষে প্ৰচাৰ চলাবলৈ উপস্থিত হয় কেইবাগৰাকীও নেতা-মন্ত্ৰী ৷ অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা(Atul Bora), মন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta), সাংসদ দিলীপ শইকীয়া(Dilip Saikia), বিধায়ক জয়ন্ত মল্ল বৰুৱা(Jayanta Malla Baruah), বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন দাস(Gunin Das), ন-অগপ নেতা ডাঃ তাৰা প্ৰসাদ দাস(Tara Prasad Das)কে ধৰি বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰে এই প্ৰচাৰ সভাত ।

ভৱানীপুৰত নিৰ্বাচনী প্ৰচাৰ

অগপ সভাপতি অতুল বৰাৰ ভাষ্য অনুসৰি, উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ জয় নিশ্চিত ৷ এইবাৰ সমষ্টিটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামত নতুন পৰিকল্পনা কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে, কংগ্ৰেছ(Congress) আৰু এ আই ইউ ডি এফ(AIUDF) একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি ।

election campaign at bhawanipur constituency
ভৱানীপুৰত নিৰ্বাচনী প্ৰচাৰ

কংগ্ৰছৰ সভাপতি ভূপেন বৰাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ মাজত প্ৰাসংগিকতা নাই । তেওঁ বিজেপি দলত যোগদান কৰিব বিচাৰিলেও দলে তেওঁক গ্ৰহণ নকৰে বুলি মন্তব্য আগবঢ়ায় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ সভাত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তয়ো ক’ভিডৰ নতুন SOP আৰু ক’ভিড সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷

গতিকে সমষ্টিটোত জাকে জাকে হোৱা নেতা-পালিনেতাৰ উপস্থিতিৰ পৰা ক’ব পাৰি যে ভৱানীপুৰ সমষ্টি যেন হৈ পৰিছে নামনি অসমৰ এক ৰাজনৈতিক হাব ।

লগতে পঢ়ক : অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া মানুহজন এতিয়া মুখ্যমন্ত্ৰীৰ চকীত বহিছে : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.