ETV Bharat / state

কলগাছিয়াৰ বালিকুৰিত ডকাইতি কাণ্ড

author img

By

Published : Sep 10, 2021, 1:51 PM IST

Docait looted 10 lakhs rs form businessman in Kalgachia
কলগাছিয়াৰ বালিকুৰিত ডকাইতি কাণ্ড

কলগাছিয়াৰ বালিকুৰিত এজন ব্যৱসায়ীৰ পৰা ডকাইতৰ দলে লুটি নিলে ৯ লাখ ২০ হাজাৰ টকা । বুকুত বন্দুক থৈ ডকাইতে লুটি নিলে ধনখিনি । ব্যৱসায়ীজনৰ ডিঙিত গামোচাৰে মেৰিয়াই হত্যাৰো অপচেষ্টা কৰে ডকাইতৰ দলটোৱে ।

জনীয়া, ১০ ছেপ্টেম্বৰ: বৰেপটা জিলাৰ কলগাছিয়াৰ বালিকুৰি মধ্য চৰত ডকাইতৰ ত্ৰাস । কছেৰ আলী নামৰ এজন ব্যৱসায়ীৰ পৰা ডকাইতৰ দলে লুটি নিলে ৯ লাখ ২০ হাজাৰ টকা । জানিব পৰা মতে, শুকুৰবাৰে কছেৰ আলী নামৰ প্ৰতিষ্ঠিত ব্যৱসায়ীজনে বৰপেটাৰোডৰ এক্সিছ বেংকৰ পৰা ৯ লাখ ২০ হাজাৰ টকা লৈ নিজৰ বাসগৃহ অভিমুখে আহি আছিল ।

কিন্তু বালিকুৰি বজাৰ পাৰ হোৱাৰ পিছত চাৰিজন অচিনাক্ত দুৰ্বৃত্তই প্ৰথমে কছেৰ আলী নামৰ ব্যৱসায়ীজনক আগভেটি ধৰে । তাৰ পিছত তেওঁৰ বুকুত বন্দুক থৈ ডিঙিত গামোচাৰে মেৰিয়াই হত্যাৰ চেষ্টা কৰে । তেওঁ লগত লৈ অনা মোনাৰ পৰা গোটেইখিন টকা লৈ উধাও ডকাইতৰ দলটো । ইয়াৰ পাছতে গুৰুতৰভাৱে আহত ব্যৱসায়ীজন উক্ত স্থানতে সংজ্ঞাহীন হৈ ঢলি পৰে ।

কিছু সময়ৰ পিছতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি কছেৰ আলীক তৎক্ষণাত কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । ইফালে, ব্যৱসায়ীজনে পিছত সাংবাদিকৰ আগত শিহৰণকাৰী ঘটনাটোৰ সমগ্ৰ বিৱৰণ দাঙি ধৰে ।

বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, কলগাছিয়া আৰক্ষী থানা এলেকাত সঘনাই এনে সৰু বৰ ডকাইতি, চিলনী চোৰৰ ঘটনা সংঘটিত হোৱাৰ পিছতো প্ৰশাসনক সষ্টম হোৱা পৰিলক্ষিত হোৱা নাই । এইবাৰ এই ডকাইতি কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:পাথাৰিয়া সংৰক্ষিত বনাঞ্চলত বন-বিভাগৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.