পাথাৰিয়া সংৰক্ষিত বনাঞ্চলত বন-বিভাগৰ উচ্ছেদ অভিযান

author img

By

Published : Sep 9, 2021, 10:27 PM IST

evictions-at-reserve-forest

বনাঞ্চলৰ মাটিৰ বেদখলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ তথা বন বিভাগ ৷ ভাৰত বাংলাদেশ সীমান্তৰ পাথাৰিয়া সংৰক্ষিত বনাঞ্চলত কৰিমগঞ্জৰ বন-বিভাগে চলালে উচ্ছেদ অভিযান ৷

কৰিমগঞ্জ, 9 ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া বনাঞ্চলৰ ভূমি বেদখলৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ তথা বন বিভাগ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জ জিলাতো বন বিভাগৰ এই উচ্ছেদ অভিযান অব্যাহত আছে । বুধবাৰে কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বনাঞ্চলত বন বিভাগে চলালে উচ্ছেদ অভিযান । এইবাৰ পাথাৰিয়া সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে ৰবৰ বাগান, তামোল গছ বেদখল মুক্ত কৰিলে পাথাৰকান্দি বন বিভাগে ।

পাথাৰিয়া সংৰক্ষিত বনাঞ্চলত বন-বিভাগৰ উচ্ছেদ অভিযান

ইয়াৰ লগতে অবৈধভাৱে নিৰ্মিত বিভিন্ন তামোলৰ বাগিচা কাটি চৰকাৰী ভূমি বেদখলমুক্ত কৰা হয় । বন বিভাগে জনোৱা অনুসৰি, কুমাউৰা , কেউটিচৰা, বুবৰিঘাট, ডেফলালা এই সমূহ এলেকাত বন বিভাগে এই উচ্ছেদ অভিযান চলায় ৷ এই অভিযানত কেইবা হেক্টৰ ভূমি দখলমুক্ত কৰে । এতিয়া, বন বিভাগৰ এনে অভিযানক পৰিৱেশপ্ৰেমী ৰাইজে শলাগ লৈছে ।

লগতে পঢ়ক : নিমাতীঘাট নাও ট্ৰেজেডী : ৰাজনীতিত নিমজ্জিত এখন দলঙৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.