ETV Bharat / state

Diarrhoea Control Fortnight: সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক আৰম্ভ

author img

By

Published : Jul 15, 2022, 4:47 PM IST

Diarrhoea Control Fortnight
সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক আৰম্ভ

আজিৰে পৰা ৰাজ্যজুৰি পালন কৰা হৈছে ডায়েৰীয়া পষেক ৷ বানৰ পিচত আৰম্ভ হ’ব পৰা ডায়েৰীয়াৰ পৰা ৰাজ্যবাসীক মুক্ত কৰাৰ বাবে স্বাস্থ্য বিভাগে পালন কৰিছে ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক(Diarrhoea Control Fortnight) ৷

বৰপেটা, ১৫ জুলাই: আজিৰে পৰা ৰাজ্যজুৰি পালন কৰা হৈছে ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক ৷ বানৰ পিচত আৰম্ভ হ’বপৰা ডায়েৰীয়াৰ পৰা ৰাজ্যবাসীক মুক্ত কৰাৰ বাবে স্বাস্থ্য বিভাগে পালন কৰিছে ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক( (Diarrhoea Control Fortnight) ৷ স্বাস্থ্য বিভাগৰ কৰ্মীসকলৰ লগতে আশা আৰু অংগনবাড়ী কৰ্মীসকলে ঘৰে ঘৰে গৈ ৫ বছৰ বয়সলৈকে প্ৰতিটো শিশুক ORS আৰু জিংক টেবলেট প্ৰদান কৰিব ৷

সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক আৰম্ভ

বৰপেটা জিলাত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে(Barpeta DC) ডায়েৰীয়া পষেকৰ কাৰ্যসূচী মুকলি কৰে ৷ ইপিনে বৰপেটা জিলাত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈ থকা বুলি মন্তব্য কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি বৰপেটা জিলাত প্ৰতিদিনে ৭ শ লোকৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে ৷

বৃহস্পতিবাৰৰ দিনটোত বৰপেটাত ১৪ জন ৰোগীৰ শৰীৰত ক'ভিড পজিটিভ পোৱা গৈছে বুলিও প্ৰকাশ কৰে উপায়ুক্তই ৷ ইপিনে আজিৰে পৰা ৩০ জুলাইলৈকে ৰাজ্যখনত ক'ভিড প্ৰতিষেধকৰ অমৃত মহোৎসৱৰ(COVID Vaccination Amrit Mahotsava) জৰিয়তে ভেকচিন আৰম্ভ কৰা হৈছে বুলিও সদৰি কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷ এই কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়ৰ ১২ উৰ্ধৰ ছাত্ৰ-ছাত্ৰীসকলক ক'ভিড ভেকচিন প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৷

লগতে পঢ়ক: Monkey pox infection : মাঙ্কিপক্স সংক্ৰমণৰ বিষয়ে জানিবলগীয়া কথাবোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.