Body recovered : ভাড়া মাৰিবলৈ গৈ উভতি নাহিল পুতুল

author img

By

Published : May 5, 2023, 6:38 PM IST

Dead Body recovered at Barpeta

বৰপেটাৰ ডক্ৰেশ্বৰ দেৱালয়ৰ সমীপৰ এটা পুখুৰীৰ পাৰৰ গাঁতত পুতি থোৱা অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Body recovered in Barpeta) ৷ উদ্ধাৰ হোৱা মৃতদেহটো বৰপেটাৰ ভেল্লাৰ খন্দকাৰপাৰা গাঁৱৰ পুতুল আলীৰ বুলি চিনাক্ত কৰা হৈছে (Man mysterious death)৷

ভাড়া মাৰিবলৈ গৈ উভতি নাহিল পুতুল

বৰপেটা, ৫ মে: ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা (Mysterious death in Barpeta) ৷ এতিয়া যেন মৃত্যু তেনেই সুলভ ৷ প্ৰতিদিনে হত্যা, ধৰ্ষণ, মৃতদেহ উদ্ধাৰৰ বাতৰিয়ে সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে (Body recovered in Barpeta) ৷ এইবাৰ বৰপেটাৰ ডক্ৰেশ্বৰত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ডক্ৰেশ্বৰ দেৱালয়ৰ সমীপৰ এটা পুখুৰীৰ পাৰৰ গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো বৰপেটাৰ ভেল্লাৰ খন্দকাৰপাৰা গাঁৱৰ পুতুল আলীৰ বুলি চিনাক্ত কৰা হৈছে (Man mysterious death)৷ মৃত পুতুল আলী এগৰাকী ই-ৰিক্সা চালক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰেও প্ৰতিদিনৰ দৰেই ই-ৰিক্সাখন লৈ ভাৰা মাৰিবলৈ গৈছিল পুতুল আলী ৷ কোনো অজ্ঞাত লোক এজনে ভাডা়ৰ বাবে মাতি পঠিয়াইছিল পুতুলক ৷ ফোনটো পায়েই ঘৰৰ পৰা ওলাই যোৱা পুতুল আলী নিশালৈ ঘৰলৈ ঘূৰি নহাত চিন্তিত হয় ঘৰৰ লোকসকল ৷ ঘৰৰ লোকে পুতুললৈ ফোন কৰিছিল যদিও তেওঁৰ ফোনটো ছুইচ অফ আছিল ৷

ইয়াৰ পিচতে শুকুৰবাৰে লোকজনক বিচাৰি থকাৰ মাজতে ডক্ৰেশ্বৰ দেৱালয়ৰ সমীপৰ এটা পুখুৰীৰ পাৰত স্থানীয় লোকে চেন্দেল, কাপোৰ, তেজ আদিৰ লগতে পুখুৰীৰ পাৰত এটা গাঁত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ পুখুৰীটোৰ পাৰত ই-ৰিক্সা চালকজনক হত্যা কৰি মৃতদেহটো পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰি বৰপেটা আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত গাঁত খান্দি অনুসন্ধান চলাওঁতেই পুতুল আলীৰ মৃতদেহটো উদ্ধাৰ হয় ৷

বৃহস্পতিবাৰে নিশা ই-ৰিক্সাখনত যাত্ৰা কৰা যুৱককেইজনেই পুতুলক হত্যা কৰি গাঁত খান্দি পুতি থৈছে বুলি সন্দেহ কৰা হৈছে ৷ পুতুলৰ পৰিয়ালে এই ঘটনা দেখি শোকত ভাগি পৰে ৷ পুতুলৰ পৰিয়ালে অচিৰেই হত্যাকাৰীক আটক কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷ সম্প্ৰতি বৰপেটা আৰক্ষীয়ে ই-ৰিক্সা আৰোহী যুৱককেইজনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে (Police recovered body) ৷

লগতে পঢ়ক: Moral police at Teok: যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি অশ্লীল ভিডিঅ’ প্ৰস্তুত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.