ETV Bharat / state

Congress press meet : মিত্ৰতা বাবে AIUDF চৰ্ত দিলে সাংসদ খালেকে; মুখ্যমন্ত্ৰী শৰ্মাক অসমৰ ডাঙৰ আপদ আখ্যা

author img

By

Published : Apr 10, 2023, 9:42 PM IST

বৰপেটাৰ ৰাজীৱ ভৱনত বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সংবাদ মেল ৷ এ আই ইউ ডিএফৰে মিত্ৰতা সন্দৰ্ভত দুটা চৰ্ত আৰোপ কৰিলে কংগ্ৰেছ সাংসদ আব্দুল খালেকে (MP Khaleque on Congress AIUDF alliance)৷

Congress MP Abdul Khaleque press meet
বৰপেটাৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদ মেল

বৰপেটাৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদ মেল

বৰপেটা, 10 এপ্ৰিল : নিৰ্বাচনী মিত্ৰতাতকৈয়ো দেশৰ বাবে গণতন্ত্ৰ ৰক্ষাৰ যুঁজখনহে অধিক জৰুৰী ৷ আজি বৰপেটাৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে নিৰ্বাচনী মিত্ৰতাতকৈ বিৰোধী ঐক্যৰ ওপৰত অধিক গুৰুত্ব আৰোপৰ কথা উল্লেখ কৰে ৷ বৰপেটাত অৱস্থিত ৰাজীৱ ভৱনত আয়োজিত সংবাদ মেলখনত জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক আৰু যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় মুখপাত্ৰ মমিতা কালি বৰপেটাৰ সাংসদগৰাকীৰ সৈতে উপস্থিত আছিল (Congress MP Abdul Khaleque press meet) ৷

ৰাজীৱ ভৱনত আজি আয়োজিত সংবাদমেলখনত দেশত ১৯ টা ৰাজনৈতিক দলে সংসদৰ ভিতৰে বাহিৰে একেলগে কাম কৰি আছে বুলি বৰপেটাৰ সাংসদগৰাকীয়ে দাবী কৰে ৷ লগতে দেশত বিৰোধী ঐক্যৰ এটা ভেঁটি গঢ় লৈ উঠা বুলিও উল্লেখ কৰি সাংসদ খালেকে এইমুহূৰ্তত নিৰ্বাচনকেন্দ্ৰিক কথা বতৰাতকৈয়ো গণতন্ত্ৰ ৰক্ষাৰ যুঁজখন অধিক আগুৱাই নিয়াৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলি উল্লেখ কৰে ৷

সংবাদমেলখনত খালেকে ৰাজ্যত এ আই ইউ ডিএফৰে মিত্ৰতা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৷ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ হ’লে এ আই ইউ ডিএফ দলে নিজকে বিজেপি বিৰোধী বুলি নিজকে প্ৰমাণ কৰিব লাগিব বুলি চৰ্ত আৰোপ কৰে ৷আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আখ্যা দিয়াৰ কথা উল্লেখ কৰি এ আই ইউ ডিএফৰে কোনো কাৰণতে মিত্ৰতা নহ’ব বুলি স্পষ্ট কৰি দিয়ে সাংসদ আব্দুল খালেকে (Congress AIUDF alliance) ৷

অসমৰ সমাজ জীৱন ধ্বংস কৰা ড৹ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ডাঙৰ আপদ বুলি অভিহিত কৰি সাংসদ খালেকে এ আই ইউ ডিএফৰে মিত্ৰতা সন্দৰ্ভত পুনৰ উল্লেখ কৰিলে আন এক চৰ্ত ৷ চিৰাজুদ্দিন আজমলে হিমন্ত সন্দৰ্ভত কোৱা কথা দলটোৱে নাকচ কৰি চিৰাজুদ্দিনৰ ওপৰত ব্যৱস্থা ল’লেহে এ আই ইউ ডিএফৰে নিৰ্বাচনী মিত্ৰতা সম্পৰ্কে কংগ্ৰেছ দলে চিন্তা-চৰ্চা কৰিব বুলি মন্তব্য আগবঢ়ায় বৰপেটাৰ সাংসদ আব্দুল খালেকে (Press meet at Barpeta Rajiv bhawan) ৷

লগতে পঢ়ক : Majuli congress protest : মোদী আদানী ভাই ভাই শ্ল’গানেৰে উত্তাল মাজুলীৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.