ETV Bharat / state

অসমত সহ অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা

author img

By

Published : Aug 14, 2022, 6:35 PM IST

বৃটিছ বিৰোধী সংগ্ৰামত অংশ লোৱা বীৰ সেনানী তথা অসমত সহ অভিনয়ৰ বাটকটীয়া সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ প্ৰতি সন্মান জনাই দেওবাৰে বৰপেটা জিলা প্ৰশাসনে স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে (Commemorate programme in Barpeta) ৷

commemorate programme organized by Barpeta District Administration in Barpeta
অসমত সহ অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা

বৰপেটা,১৪ আগষ্ট: বৃটিছ বিৰোধী সংগ্ৰামত অংশ লৈ, বৃটিছৰ বিমান ঘাটিত অগ্নিসংযোগ কৰি দেশৰ স্বাধীনতাৰ বাবে মৰণ পণ কৰা বীৰ সেনানী তথা অসমত সহ-অভিনয়ৰ বাটকটীয়া সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ প্ৰতি সন্মান জনাই দেওবাৰে শিলা গাঁৱত বৰপেটা জিলা প্ৰশাসনে ( Barpeta District Administration) অনুষ্ঠিত কৰে এখন স্মৃতিচাৰণ সভা (Commemorate programme in Barpeta) ৷

অসমত সহ অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত শিলাৰ দামোদৰ শৰ্মা মজলীয়া বিদ্যালয়ত (Shila Damodar Sarma M V School) অনুষ্ঠিত এই স্মৃতিচাৰণ সভাত মন্ত্ৰী নন্দিতা গাৰ্লোচা (Minister Nandita Garlosa), ব্ৰজনাথ শৰ্মাৰ পুত্ৰ, স্থানীয় ৰাইজৰ লগতে বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷ স্মৃতিচাৰণ সভাত অংশ লৈ ব্ৰজনাথ শৰ্মাৰ পুত্ৰ অৰুণ শৰ্মাই পিতৃৰ স্মৃতি সুঁৱৰি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ (Mahendra Mohan Choudhury Hospital) বাৰান্দাত বিনা চিকিৎসাই পিতৃয়ে মৃত্যুবৰণ কৰিব লগাৰ বিষয়ে উল্লেখ কৰে যদিও বৰ্তমান সমাজ আৰু চৰকাৰে ব্ৰজনাথ শৰ্মাক যথোচিত মৰ্যাদা প্ৰদান কৰা বুলি তেওঁ কয় ৷

এই চেগতে তেওঁ পিতৃৰ জন্মগাঁও শিলাত ব্ৰজনাথ শৰ্মাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে স্থানীয় ৰাইজে জনোৱা দাবী বিবেচনা কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, আজিৰ পৰা অৰ্ধ শতক বছৰ পূৰ্বেই ব্ৰজনাথ শৰ্মাৰ দৰে এগৰাকী উচ্চবৰ্ণৰ ব্ৰাহ্মণে অসমত নাট্য আন্দোলনক ন-গতি প্ৰদানৰ লগতে অসমত মহিলা শিল্পীক লৈ নাটকত সহঅভিনয়ৰ পাতনি মেলিছিল ৷

লগতে পঢ়ক: অসমৰ 23 গৰাকী আৰক্ষী বিষয়া,জোৱানলৈ পদক ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.