ETV Bharat / state

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সংবিধান উলংঘনৰ অভিযোগ

author img

By

Published : Dec 30, 2021, 9:57 PM IST

হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে সংবিধান উলংঘনৰ অভিযোগ
হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে সংবিধান উলংঘনৰ অভিযোগ

মাৰ যোৱা নাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি বেদখলৰ প্ৰসংগ ৷ এই ভূমি কেলেংকাৰী(Land grabbing allegation against CM family)ৰ অভিযোগৰ প্ৰসংগত পুনৰ মন্তব্য প্ৰদান বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷ বিধানসভাৰ অধ্যক্ষই শাসকীয় পক্ষৰ পক্ষ লৈ বিৰোধীৰ বাক স্বাধীনতা খৰ্ব কৰাৰ অভিযোগো উত্থাপন বিৰোধী দলপতিগৰাকীৰ(Allegation against speaker of Assam Assembly) ৷

কলগাছিয়া, 30 ডিচেম্বৰ : ‘‘অসম বিধান সভাৰ মজিয়াত বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী(Land grabbing allegation against CM family)ৰ ওপৰত আলোচনা কৰিবলৈ বিচাৰিছিল যদিও বিধানসভাৰ অধ্যক্ষই তেওঁলোকক বাক্ স্বাধীনতা প্ৰদান কৰা নাই । গণতন্ত্ৰত বিৰোধীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ যদিও বিভিন্ন ক্ষেত্ৰত বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰা হৈছে ।’’ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে সংবিধান উলংঘনৰ অভিযোগ

তেওঁ লগতে কয় যে, হিটলাৰৰ দৰে প্ৰথমতে বিজেপিয়ে নিৰ্বাচনত জয়ী হৈ তেওঁলোকে এতিয়া সম্পূৰ্ণৰূপে ফেচিষ্ট চৰিত্ৰৰে কাম-কাজ কৰি আছে ৷ ড৹ হীৰেণ গোহাঁইৰ দৰে নমস্য ব্যক্তিৰ মতমত প্ৰকাশৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে । ই গণতন্ত্ৰৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক ।

আনহাতে, একাদশ কলগাছিয়া গ্ৰন্থমেলাৰ সভাপতি সাংসদ আব্দুল খালেকে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিয় দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে বুলি কৰাৰ প্ৰশ্নৰ উত্তৰত কয় যে, মুখ্যমন্ত্ৰীয়ে দৰঙৰ গৰুখুটিৰ উচ্ছেদক(Eviction in Darrang Gorukhuti) কেন্দ্ৰ কৰি কৰা সাম্প্ৰদায়িক মন্তব্যৰ জড়িয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সংবিধানক অৱমাননা কৰিছে (Accused of violating constitution) ৷ এই সংবিধানবিৰোধী মন্তব্যৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰিছে সাংসদ আব্দুল খালেকে ৷ আইন আৰু আৰক্ষী নিৰপেক্ষ হ’লে এজাহাৰৰ ইতিবাচক ফলাফল লাভ কৰিব বুলি সাংসদগৰাকীয়ে আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Assam Book Fair 2021 : গ্ৰন্থমেলাৰ বাকৰিত "জ্বলন্ত মহানগৰ আৰু অন্যান্য অনুদিত গল্প" উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.