ETV Bharat / state

Assam Book Fair 2021 : গ্ৰন্থমেলাৰ বাকৰিত "জ্বলন্ত মহানগৰ আৰু অন্যান্য অনুদিত গল্প" উন্মোচন

author img

By

Published : Dec 30, 2021, 11:14 AM IST

বুধবাৰৰ পৰা মহানগৰীত আৰম্ভ হৈছে অসম গ্ৰন্থমেলা (Assam Book fair at Chandmari) ৷ গ্ৰন্থমেলাৰ প্ৰথম দিনটোতে পৰিলক্ষিত হয় যথেষ্ট সমাগম ৷ গ্ৰন্থমেলাৰ দিনটোতে শিক্ষামন্ত্ৰীয়ে উন্মোচন কৰে ড৹ বংকিম ভাগৱতীৰ "জ্বলন্ত মহানগৰ আৰু অন্যান্য অনুদিত গল্প" শীৰ্ষক গ্ৰন্থখন ৷

Book Fair
"জ্বলন্ত মহানগৰ আৰু অন্যান্য অনুদিত গল্প" শীৰ্ষক গ্ৰন্থ উন্মোচন

গুৱাহাটী, 30 ডিচেম্বৰ : গুৱাহাটীৰ গ্ৰন্থমেলাত ভিৰ কৰিছেহি পঢ়ুৱৈ সমাজে ৷ কিতাপৰ মাজত নিজক বিলীন কৰি ভালপোৱাসকলে গ্ৰন্থমেলাত বিচাৰি ফুৰিছে জীৱনৰ নতুন স্বাদ ৷ চানমাৰিত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ প্ৰথম দিনটোত গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Dr Ranoj Pegu visits Assam Book Fair) ৷ শিক্ষা মন্ত্ৰীগৰাকীয়ে "জ্বলন্ত মহানগৰ আৰু অন্যান্য অনুদিত গল্প" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ৷

ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগৰ জ্যেষ্ঠ তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া ড৹ বংকিম ভাগৱতীয়ে দেশী-বিদেশী পোন্ধৰটা বাচকবনীয়া গল্পৰ সাৱলীল অনুবাদেৰে পাঠকৰ বাবে লিখি উলিয়াইছে এই গ্ৰন্থখন ৷ অসম পাব্লিছিং কোম্পানীয়ে প্ৰকাশ কৰি উলিওৱা এই অনুবাদমূলক গ্ৰন্থখনৰ পাতনি প্ৰয়াত ড৹ লক্ষীনন্দন বৰাই জীৱিত কালতে লিখি থৈ গৈছিল ৷

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ উপৰিও প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত, কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাস, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰা, ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আৰম্ভ হ’ল অসম গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.