ETV Bharat / state

স্বামীৰ ঘৰত নিৰ্যাতিত বোৱাৰী; ৰাইজ মেলত লাগিল মাৰপিট

author img

By

Published : May 6, 2022, 8:49 PM IST

শওঁপুৰ গাঁৱত এজনী বোৱাৰীক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট (Clash of two groups in Kalgachia)। দীৰ্ঘদিন ধৰি বোৱাৰীগৰাকীৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰ অভিযোগ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে।

clash-of-two-groups-for-domestic-violence-in-kalgachia
স্বামীৰ ঘৰত নিৰ্যাতিত বোৱাৰী: ৰাইজ মেলত লাগিল মাৰপিট

কলগাছিয়া, 6 মে’: এজনী বোৱাৰীক কেন্দ্ৰ কৰি কলগাছিয়াৰ শওঁপুৰ গাঁৱত দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট (Clash of two groups for domestic violence) । স্বামীৰ পৰিয়ালে বোৱাৰী গৰাকীৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰ অভিযোগ (Domestic violence in Kalgachia) ৷ ইয়াকেলৈ সমগ্ৰ অঞ্চলটোতো সৃষ্টি হৈছে এক চাঞ্চল্যকৰ পৰিবেশৰ ।

উল্লেখযোগ্য যে চাৰি নং ভেৰাগাঁৱৰ বিল্লাল হুছেইনৰ কন্যাৰ বিগত চাৰি বছৰ পূৰ্বে শওঁপুৰ গাঁৱৰ বাচন আলীৰ পুত্ৰ ইন্নচ আলীৰ লগত সামাজিক ৰীতি নীতি অনুসৰি বিবাহ হৈছিল । কিন্তু বিবাহৰ কিছুদিন পিছৰে পৰাই ইন্নছ আলীৰ পত্নী শাজেদা খাতুনক স্বামীৰ পৰিয়ালৰ সদস্য বাচন আলী, স্বামী ইন্নছ আলী, হামিদা খাতুন, বাচিৰণ, হাজেৰা খাতুন, মিনহাজ আলীয়ে মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

জানিব পৰা মতে বৃহস্পতিবাৰে সন্ধিয়া শওঁপুৰ গাঁৱৰ বাচন আলীৰ পুত্ৰ ইন্নছ আলীয়ে তেওঁৰ পত্নী সাজেদা খাতুনক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে ।

স্বামীৰ ঘৰত নিৰ্যাতিত বোৱাৰী: ৰাইজ মেলত লাগিল মাৰপিট

ইয়াকে লৈ আজি এক ৰাইজ মেলৰ আয়োজন কৰা হয় (Public meeting on domestic violence)। এই মেলত ইন্নছ আলীৰ পত্নী শাজেদা খাতুনৰ ৪ নং ভেড়াগাঁওস্থিত ডাঙৰ ভাতৃ মজিবৰ ৰহমানৰ লগত আৰু দুই ভাতৃ উপস্থিত হয় যদিও দুয়ো পক্ষৰ মাজত কথা কটা-কটিৰ পৰা ভয়ংকৰ মাৰপিটৰ সৃষ্টি হয় ।

উক্ত মাৰ-পিটত দুয়ো পক্ষৰ লোক আহত হয় যদিও পৰৱৰ্তী সময়ত বলিকুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থতি নিয়ন্ত্ৰণ কৰে । যাক লৈ অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ইফালে স্বামীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি পত্নীৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰা বুলি অভিযোগ কৰে । এতিয়া কোন সঁচা আৰু কোন মিছা সেয়া আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

লগতে পঢ়ক : বকোত চেপা উত্তেজনা: পুনৰ অসম-মেঘালয় সীমান্ত অশান্ত কৰাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.