ETV Bharat / state

কলগাছিয়াত চাঞ্চল্য: দুটা ফৈদৰ সংঘৰ্ষত আহত ৮

author img

By

Published : Apr 17, 2022, 9:06 PM IST

শুকান খৰিক কেন্দ্র কৰি কলগাছিয়াৰ দাবনদিয়া গাঁওত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট । প্ৰতিপক্ষৰ আক্ৰমণত আহত আঠজনকৈ লোক (Eight injured in clash for wood in kalgachia) । কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ ।

beating between two team in kalgaasia
কলগাছিয়াত চাঞ্চল্য: দুটা ফৈদৰ সংঘৰ্ষত আহত ৮

কলগাছিয়া,১৭ এপ্ৰিল: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাৱনদিয়া গাঁৱত শুকান খৰিক কেন্দ্র কৰি দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়(clash among two groups in kalgachia) । মাৰপিটত দুয়োপক্ষৰ কেইবাজনো লোক আহত (8 people injured in clash) । জানিব পৰা মতে ঘৰৰ পিছপিনে শুকান খৰি জমা কৰি আহিছিল আসাদ আলীৰ পত্নী আছমা খাতুনে ।

কলগাছিয়াত চাঞ্চল্য: দুটা ফৈদৰ সংঘৰ্ষত আহত ৮

সেই খৰিখিনি আমজাদ আলীৰ ঘৰৰ লৰা ছোৱালীয়ে সদায় মনে মনে চোৰ কৰিছিল । কিন্তু উক্ত দিনা আসাদ আলীৰ ঘৰত পত্নী আৰু দুগৰাকী কন্যাই আমজাদ আলীৰ ঘৰৰ লৰা ছোৱালীয়ে খৰি চুৰি কৰিবলৈ অহা প্ৰত্যক্ষ কৰি বাধা প্ৰদান কৰে । ইয়াৰ পাছত আসাদ আলী ঘৰত নথকাৰ সুযোগ লৈ আমজাদ আলি, শফিকুল ইছলাম, ছানিদুল ইছলাম, সামচুল হক, ৰুহুল আমিন, ৰূপহী খাতুন আৰু শাহিদা খাতুনে আসাদ আলীৰ পত্নী আৰু দুগৰাকী কন্যাক গুৰুতৰ ভাৱে মাৰপিত কৰে ।

দুয়ো পক্ষৰ মাৰপিটত আঘাটপ্ৰাপ্ত আঠগৰাকীকৈ লোক । উক্ত মাৰপিটত প্ৰতিপক্ষই আক্ৰমণ কৰি আসাদ আলীৰ পত্নীৰ কান ছিঙি কানফুলি লৈ যোৱাৰ লগতে দুয়ো পক্ষই ইজনে আনজনক আহত কৰাৰ অভিযোগ উত্থাপন কৰে ।

পিছত আছমা খাতুনক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত এতিয়া দুয়ো পক্ষই পৃথকে পৃথকে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক: গোৰেশ্বৰত শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই উৎসৱ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.