ETV Bharat / state

2024 চনৰ পাচত ভাৰতবৰ্ষত একনায়কত্ববাদ প্ৰতিষ্ঠাৰ চেষ্টা বিজেপিৰ : অখিল গগৈ

author img

By

Published : Dec 12, 2021, 10:46 PM IST

Updated : Dec 12, 2021, 10:54 PM IST

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি অখিল গগৈয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয়, 2024 চনত দেশত বিজেপিৰ চৰকাৰ হ'লে দেশত গণতন্ত্ৰ নাথাকিব আৰু সাংবিধানিক ব্যৱস্থাটো ধ্বংস হৈ যাব ৷ দেশত একদলীয় চৰকাৰ হ'ব আৰু বিজেপিৰ একনায়কত্ববাদ চলিব(BJP attemps to establish dictatorship says akhil Gogoi) ৷

BJP's attempt to establish dictatorship says akhil Gogoi
ভাৰতবৰ্ষত একনায়কত্ববাদ প্ৰতিষ্ঠাৰ চেষ্টা বিজেপিৰ

বৰপেটা, ১২ ডিচেম্বৰ : পালহাজীত অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কা' আন্দোলন সন্দৰ্ভত কয়, অসম তথা ভাৰতৰ ৰাইজে ঐক্যৱদ্ধ সংগ্ৰাম গঢ়ি তুলিব পাৰিলে কা' বাতিল হ'ব(Anti CAA protests in Assam) ৷ ইয়াৰ সমান্তৰালভাৱে তিনি বিতৰ্কিত কৃষি আইন বাতিল(Farm Laws Repeal) কৰিবলগীয়া হোৱাটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গালত এটা প্ৰচণ্ড চৰ বুলি অভিহিত কৰে অখিল গগৈয়ে ৷

ত ভাৰতবৰ্ষত একনায়কত্ববাদ প্ৰতিষ্ঠাৰ চেষ্টা বিজেপিৰ

ধাৰাবাহিক আৰু আপোচবিহীন সংগ্ৰাম গঢ়ি নুঠাৰ বাবেই কা' আইনখন বাতিল হোৱা নাই ৷ ইপিনে 2024 চনৰ নিৰ্বাচনত কেন্দ্ৰত বিজেপি বিৰোধী চৰকাৰ গঠনক লৈ অখিল গগৈয়ে কয়, মমতা বেনাৰ্জীয়ে অকলে কেন্দ্ৰত চৰকাৰ পৰিবৰ্তন কৰাব নোৱাৰে ৷ তাৰবাবে মমতাৰ নেতৃত্বত ফেডাৰেল ফ্ৰন্ট আৰু কংগ্ৰেছৰ নেতৃত্বাধীন ইউপিএ একেলগ হ'ব ৷

2024 চনত দেশত বিজেপিৰ চৰকাৰ হ'লে দেশত গণতন্ত্ৰ নাথাকিব আৰু সাংবিধানিক ব্যৱস্থাটো ধ্বংস হৈ যাব ৷ দেশত একদলীয় চৰকাৰ হ'ব আৰু বিজেপিৰ একনায়কত্ববাদ চলিব ৷ দেশত হিন্দুৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ নামত ভাৰতবৰ্ষ মানৱতাৰ বধ্যভূমিত পৰিণত হ'ব বুলিও আশংকা প্ৰকাশ কৰে অখিল গগৈয়ে ৷

দেশত এতিয়া কোনো গণতান্ত্ৰিক শক্তি নাই আৰু বিজেপি আৰু আৰ এছ এছে স্বৈৰতান্ত্ৰিকভাৱে গণতান্ত্ৰিক শক্তিসমূহ ধ্বংস কৰি পেলোৱা বুলি কয় অখিল গগৈয়ে ৷ ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ লোকে সংঘটিত কৰা ভূমি কেলেংকাৰীটোৰ(Land grabbing allegation against Riniki Bhuyan Sarma) বিৰুদ্ধে অচিৰেই আইনৰ কাষ চাপিব স্পষ্ট কৰি দিছে অখিল গগৈয়ে ৷ লগতে এই বৃহৎ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে চিবিআই তদন্তৰ দাবী তোলাৰ লগতে কেলেংকাৰীৰ সৈতে জড়িত সকলক গ্ৰেপ্তাৰৰ দাবী তোলে অখিল গগৈয়ে ৷

লগতে পঢ়ক: আগন্তুক বৰ্ষত দুটা পর্যায়ত ৰাজ্যত অনুষ্ঠিত হ’ব গুণােৎসৱ

Last Updated :Dec 12, 2021, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.