ETV Bharat / state

National emblem controversy: বিৰোধীক Reactionary force আখ্যা ভূৱনেশ্বৰ কলিতাৰ

author img

By

Published : Jul 14, 2022, 4:37 PM IST

National emblem controversy
বিৰোধীক Reactionary force আখ্যা ভূৱনেশ্বৰ কলিতাৰ

সংসদ ভৱনৰ সন্মুখত নৱনিৰ্মিত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে বিৰোধীক তীব্ৰ সমালোচনা কৰিলে সাংসদ ভূৱনেশ্বৰ কলিতাই (Bhubaneswar Kalita criticized oppositions)। বিৰোধীৰ কেৱল সংবাদমেলৰ বাহিৰে অন্য কাৰ্যসূচী নাই ৷ সংসদ ভৱনত অশোক স্তম্ভ নিৰ্মাণ নকৰিলে প্ৰতিক্ৰিয়া নহ'লহেতেন বুলিও তেওঁ উল্লেখ কৰে ।

বৰপেটা,১৪ জুলাই : দিল্লীৰ সংসদ ভৱনৰ সন্মুখত নৱনিৰ্মিত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকক লৈ সম্প্ৰতি দেশজুৰি বিতৰ্ক অব্যাহত আছে (National emblem controversy)। ইতিমধ্যে বিভিন্ন দল-সংগঠনে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰাষ্ট্ৰীয় প্ৰতীক অৰ্থাৎ অশোক স্তম্ভটো বিকৃতকৰণ কৰা বুলি বহুতে অভিযোগ উত্থাপন কৰিছে । অসমতো ইয়াৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । বিৰোধী কংগ্ৰেছকে ধৰি প্ৰায়বোৰ দলে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।

বিৰোধীক Reactionary force আখ্যা ভূৱনেশ্বৰ কলিতাৰ

অৱশ্যে বিৰোধীকো উভতি ধৰিছে শাসকীয় নেতাসকলে । এইবাৰ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (MP Bhubaneswar Kalita on National emblem controversy)। সমালোচনা কৰা বিৰোধী দলসমূহক উভতি ধৰি সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছ, এআইইউডিএফ, বাওপন্থী দলৰ সংবাদমেলৰ বাহিৰে অন্য কাৰ্যসূচী নাই ৷

বিৰোধীক 'Reactionary force' আখ্যা দি সাংসদ ভূৱনেশ্বৰ কলিতাই কয় যে তেওঁলোকে সকলো কামতে আসোঁৱাহ দেখা পায় (Bhubaneswar Kalita slams oppositions)৷ আনহাতে তেওঁৰ মতে কাম কৰিলেহে প্ৰতিক্ৰিয়া হয় ৷ সংসদ ভৱনত অশোক স্তম্ভ নিৰ্মাণ নকৰিলে প্ৰতিক্ৰিয়া নহ'লহেতেন বুলিও তেওঁ উল্লেখ কৰে ।

অৱশ্যে বিজেপিয়ে অশোক স্তম্ভ, সংসদ ভৱন নিৰ্মাণ বা জনকল্যাণমূলক আঁচনি ৰূপায়ণ নকৰিব নেকি বুলিও প্ৰশ্ন কৰে ভূৱনেশ্বৰ কলিতাই ৷ বিৰোধীৰ অভিযোগৰ উত্তৰ বিজেপিয়ে কামৰ জৰিয়তে দিব বুলিও মন্তব্য কৰে সাংসদগৰাকীৰ ৷ বিৰোধীয়ে সাম্প্ৰদায়িক ভিত্তিত ভোট বিচাৰে আৰু জয় লাভ কৰিব বিচাৰে বুলিও অভিযোগ কৰে কংগ্ৰেছৰ প্ৰাক্তন তথা বৰ্তমানৰ বিজেপিৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ৷

লগতে পঢ়ক :কলগাছিয়াত আঠদফীয়া দাবীত চি পি আই এমৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.