ETV Bharat / state

Beef sale in Barpeta: বৰপেটাত হোটেল-ৰেষ্টুৰেন্টত মুকলিকৈ বিক্ৰী গো-মাংস

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 5:31 PM IST

Barpeta Medical College Hospital
বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল

বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ হোটেল-ৰেষ্টুৰেন্টত গো-মাংস পৰিৱেশন কৰিলে গ্ৰাহকক । বৰপেটা সদৰ থানাত গ্ৰাহকে দাখিল কৰিলে এজাহাৰ ।

বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল

বৰপেটা ১১ নৱেম্বৰ: সত্ৰনগৰী বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ হোটেল-ৰেষ্টুৰেন্টত মুকলিকৈ বিক্ৰী হৈ আছে গো-মাংস ৷ ইয়াৰ পিচতো আৰক্ষী-প্ৰশাসনে ব্য়ৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । এনে অভিযোগ উত্থাপিত গৈ অহাৰ মাজতেই এইবাৰ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখত থকা এখন হোটেলত এজন গ্ৰাহকক এই মাংস পৰিৱেশন কৰাৰ অভিযোগ তুলি ভুক্তভোগী গ্ৰাহকে থানাত দাখিল কৰিলে এজাহাৰ ।

ভুক্তভোগী গ্ৰাহকে ইতিমধ্য়ে বৰপেটা সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ ধুবুৰী জিলাৰ বিলাসীপাৰা থানাৰ অন্তৰ্গত লক্ষীগঞ্জৰ এজন লোকে শুক্ৰবাৰে মাতৃক চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ আহিছিল ৷ নিশাৰ ভাগত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখত থকা 'ফাৰদিন' নামৰ হোটেলখনত ভাত খাবলৈ আহিছিল লোকজনে ৷ কিন্তু মাংস-ভাতৰ অৰ্ডাৰ দিয়া গ্ৰাহকজনক হোটেলৰ কৰ্মচাৰীয়ে আনি দিয়ে গো-মাংস ৷

লগতে পঢ়ক:Rapeseed mustard cultivation in Assam: অসমত টৰিয়া-সৰিয়হৰ খেতিৰে হালধীয়া বিপ্লৱৰ লক্ষ্য অসম কৃষি বিশ্ববিদ্যালয়ৰ

মাংসখিনি দেখিয়েই সন্দেহ ওপজাত গ্ৰাহকজনে এয়া কিহৰ মাংস বুলি প্ৰশ্ন কৰে ৷ হোটেলৰ কৰ্মচাৰীয়ে সেয়া গো-মাংস বুলি কোৱাত হতচকিত হৈ পৰে গ্ৰাহকজন ৷ লগে লগে এই বিষয়ে আপত্তি কৰাত হোটেল কৰ্তৃপক্ষই গ্ৰাহকজনক চল-চাতুৰিৰে তাৰ পৰা আঁতৰাই পঠায় ৷ ধৰ্মীয় অনুভুতিত আঘাত হনা হোটেলখনৰ এনে কাৰ্যৰ বিৰুদ্ধে ভুক্তভোগী লোকজনে শনিবাৰে বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

যিসময়ত চৰকাৰে গো-হত্যা আৰু গো-মাংস বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ আইন গ্ৰহণ কৰিছে তেনেক্ষেত্ৰত খোদ সত্ৰনগৰী বৰপেটাৰ একাংশ হোটেল ৰেষ্টুৰেন্টত মুকলিকৈ গো-মাংস বিক্ৰী কৰি থকা ঘটনাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:Opposition Leader Joins BJP: একেনিশাই পাভলুটি মাৰি গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছ-তৃণমূলৰ নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.