ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ

author img

By

Published : Jun 11, 2021, 9:15 PM IST

barpeta satra
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান বৰপেটা সত্ৰৰ

শুকুৰবাৰে বৰপেটাৰ জিলা উপায়ুক্তৰ হাতত বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ২০ হাজাৰ টকাৰ চেক প্ৰদান কৰে । বৰপেটা সত্ৰৰ সকলো ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীৰ ৷

বৰপেটা,১১ জুন : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ(Chief Minister Relief Fund) আগবঢ়ালে ২০ হাজাৰ টকা । শুকুৰবাৰে বৰপেটাৰ জিলা উপায়ুক্তৰ হাতত বুঢ়াসত্ৰীয়াগৰাকীয়ে ২০ হাজাৰ টকাৰ চেক প্ৰদান কৰে ।

ইফালে ৰাজ্য চৰকাৰে ৰাজহুৱা ভূমি বেদখলমুক্ত কৰাৰ বাবে লোৱা পদক্ষেপক আদৰণি জনাই বুঢ়াসত্ৰীয়াগৰাকীয়ে । বৰপেটা সত্ৰৰো সকলো ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীৰ ৷

barpeta satra
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান বৰপেটা সত্ৰৰ

বিশেষকৈ বাঘবৰ সমষ্টিৰ মন্দিয়া বজাৰ, মন্দিয়া পাৰঘাট আদি বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনক ব্যৱস্থা ল'বলৈ আহ্বান জনালে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷ উল্লেখ্য যে ভূমিকম্প,বান,মহামাৰী আদিৰ বাবে বাঘবৰৰ খিলঞ্জীয়া বসতিপ্ৰধান গাঁও আৰু সত্ৰ সমূহৰ পৰা একালত মানুহবোৰ আতৰি আহিবলগীয়া হৈছিল ৷ সম্প্ৰতি প্ৰায় ৯৫ শতাংশ পূৰ্ববংগীয় লোকৰ বসতি প্ৰধান বাঘবৰৰ পূৰ্বৰ সত্ৰৰ নামত থকা ভূমিসমূহ উদ্ধাৰৰ বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াই আহ্বান জনাইছে চৰকাৰক ।

লগতে পঢ়ক:ক'ভিডক জয় কৰি স্বগৃহলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.