ETV Bharat / state

Crackdown on Child Marriage: আৰক্ষীৰ দমন তথা উৎপীড়নেৰে বাল্যবিবাহ সমাধান নহয়; আব্দুল জলিল তালুকদাৰ

author img

By

Published : Feb 12, 2023, 6:40 PM IST

বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে চলোৱা অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ঐক্য আৰু শান্তি মঞ্চৰ সভাপতি আব্দুল জলিল তালুকদাৰে (Crackdown on Child Marriage) ৷ বাল্যবিবাহ বিৰোধী অভিযানৰ নামত চৰকাৰে আৰক্ষীৰ দ্বাৰা দমন আৰু উৎপীড়ন চলোৱাৰ অভিযোগ তালুকদাৰৰ ৷

Crackdown on Child Marriage:
আৰক্ষীৰ দমন আৰু উৎপীড়নে বাল্যবিবাহ সমাধান নহয়: আব্দুল জলিল তালুকদাৰ

আৰক্ষীৰ দমন আৰু উৎপীড়নে বাল্যবিবাহ সমাধান নহয়: আব্দুল জলিল তালুকদাৰ

জনীয়া, 12 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে চলোৱা কঠোৰ অভিযানক কেন্দ্ৰ কৰি অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে যদিও চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে কেতবোৰ অভিযোগো (Crackdown on child marriage) ৷ এইবাৰ বাল্যবিবাহ বিৰোধী অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ঐক্য আৰু শান্তি মঞ্চৰ সভাপতি আব্দুল জলিল তালুকদাৰে ৷

দেওবাৰে জনীয়াত সংবাদমেল সম্বোধন কৰি আব্দুল জলিল তালুকদাৰে কয়, ‘‘বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাক শলাগ লৈছোঁ আৰু অভিনন্দ জ্ঞাপন কৰিছোঁ ৷ কিন্তু আৰক্ষীৰ জৰিয়তে দমন আৰু উৎপীড়ন চলালে এই সামাজিক ব্যাধিৰ কেতিয়াও সমাধান নহয় ৷ শিক্ষা আৰু আধুনিকতাৰ পোহৰেহে এই সমস্যা সমাধান কৰিব পাৰিব’’ (Operation against child marriage) ৷

বাল্যবিবাহৰ বিৰুদ্ধে যিসমূহ গোচৰ ৰুজু হৈছে সেয়া এটা দিনতে হোৱা নাই ৷ যেতিয়াই এই বিবাহসমূহ সম্পন্ন হৈছিল তেতিয়াই কিয় আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ল বুলিও প্ৰশ্ন উত্থাপন কৰিছে আব্দুল জলিল তালুকদাৰে (Child marriage in Assam) ৷ বাল্যবিবাহৰ বাবে কেৱল স্বামীয়েই নহয়, ইয়াৰ বাবে পত্নীগৰাকীৰ পৰিয়ালোকৰ লোকো জগৰীয়া বুলিও তেওঁ মন্তব্য কৰে ৷ আইন শৃংখলাৰ দায়িত্বত থকাসকলে এই বিষয়টো আওকাণ কৰাৰ বাবেহে ৰাজ্যত বাল্যবিবাহৰ ঘটনাই এই পৰ্যায় পাইছেগৈ বুলি তালুকদাৰে সংবাদমেলত উল্লেখ কৰে ৷

কিন্তু লক্ষণীয়ভাৱে, সামাজিক ব্যাধি বাল্যবিবাহক হিন্দু-মুছলমানৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিবলৈও নাপাহৰিলে আব্দুল জলিল তালুকাৰে ৷ তেওঁ কয় যে, যদি 60 শতাংশ বাল্যবিবাহ মুছলমানে কৰিছে তেন্তে 40 শতাংশ বাল্যবিবাহ হিন্দুৱে কৰিছে ৷ অৱশ্যে এই বিষয়ত কোনো সাম্প্ৰদায়িক শব্দ ব্যৱহাৰ হ’ব নালাগে বুলি উল্লেখ কৰি তেওঁ এক নিৰাপদ দূৰত্বত অৱস্থান কৰে ৷

বাল্যবিবাহৰ গোচৰত যিসকল লোকক গ্ৰেপ্তাৰ কৰা হৈছে সেই লোকসকলক মুকলি কৰি দিবলৈও চৰকাৰক আহ্বান জনাই তালুকদাৰে ৷ লগতে গ্ৰেপ্তাৰ হোৱা স্বামীসকলৰ দ্বায়িত্ব কোনে ল’ব বুলিও প্ৰশ্ন উত্থাপন কৰে (People involved in Child marriage) ৷ এই দৰেই এতিয়া বাল্যবিবাহ বিৰোধী অভিযানক লৈ বিভিন্ন জনে প্ৰকাশ কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া ৷

সমান্তৰালভাৱে বিৰোধী ৰাজনৈতিক দলসমূহেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল চমক সৃষ্টিৰ বাবেহে এই অভিযান চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷ কিন্তু বাল্যবিবাহৰ ক্ষেত্ৰত শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা হ’ব বুলি স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি ৰাইজৰ সহায় আৰু সহযোগিতা কামনা কৰিছে ৷ উল্লেখ্য যে, বৰ্তমানলৈকে বাল্যবিবাহ কৰা আৰু ইয়াৰ লগত জড়িত থকাৰ অপৰাধত প্ৰায় 26 শতাধিকলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Interview with Abdul Aziz: বাল্যবিবাহৰ পৰা বন ধ্বংসলৈকে বিভিন্ন বিষয়ত বিস্ফোৰক মন্তব্য আব্দুল আজিজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.