ETV Bharat / state

Interview with Abdul Aziz: বাল্যবিবাহৰ পৰা বন ধ্বংসলৈকে বিভিন্ন বিষয়ত বিস্ফোৰক মন্তব্য আব্দুল আজিজৰ

author img

By

Published : Feb 10, 2023, 5:12 PM IST

বাল্যবিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক সমৰ্থন সংখ্যালঘু নেতা আব্দুল আজিজৰ (Abdul Aziz supports anti child marriage campaign)। সংখ্যালঘু সকলক কি অন্যায় কৰিছিল কংগ্ৰেছে ? কাক দেখিলে সকলোতকৈ বেছি ভয় কৰে সংখ্যালঘুসকলৰ একাংশই ? ই টি ভি ভাৰতৰ সন্মুখত এটাৰ পিচত আনটো বিস্ফোৰক মন্তব্য প্ৰাক্তন বিধায়ক তথা সংখ্যালঘু নেতা আব্দুল আজিজৰ (Interview with minority leader Abdul Aziz) ।

Interview with Abdul Aziz
সংখ্যালঘু নেতা আব্দুল আজিজৰ সৈতে সাক্ষাৎকাৰ

সংখ্যালঘু নেতা আব্দুল আজিজৰ সৈতে সাক্ষাৎকাৰ

নগাঁও, 10 ফেব্ৰুৱাৰী: বাল্যবিবাহৰ পৰা উচ্ছেদ অভিযানলৈ, কংগ্ৰেছৰ শাসনকালৰ পৰা বিজেপিৰ শাসনলৈ, আমছুৰ পৰা অগপলৈ সকলো বিষয় সামৰি ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক, সংখ্যালঘু নেতা তথা বৰ্তমানৰ বিজেপি নেতা আব্দুল আজিজৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ । কেইবাটাও বিষয়ত বিস্ফোৰক মন্তব্য আগবঢ়ালে প্ৰাক্তন বিধায়কগৰাকীয়ে (Interview with minority leader Abdul Aziz) ৷

সাক্ষাৎকাৰত প্ৰাক্তন বিধায়ক আব্দুল আজিজে প্ৰতিটো বিষয় সন্দৰ্ভত ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া ৷ প্ৰথমেই তেওঁক সোধা হয় বাল্যবিবাহৰ প্ৰসংগ । বাল্যবিবাহক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কঠোৰ পদক্ষেপক বিভিন্নজনে সমালোচনা কৰিছে যদিও চৰকাৰৰ এই কঠোৰ পদক্ষেপক সমৰ্থন জনাইছে এসময়ৰ আমছু নেতা তথা ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে । 2006 চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ দিনতে বাল্যবিবাহৰ বিৰুদ্ধে আইন প্ৰণয়ন হোৱাৰ কথা উল্লেখ কৰি আব্দুল প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা আজিজে কিছু অসন্তুষ্টি ব্যক্ত কৰে (Abdul Aziz supports anti child marriage campaign)।

2007 চনতে বাল্যবিবাহ প্ৰতিৰোধ আইন (Prohibition of child marriage act) কাৰ্যকৰী হোৱাৰ পিচত চৰকাৰে কৰা নাছিল কোনো সজাগতাৰ ব্যৱস্থা । সেই সময়ৰ পৰাই চৰকাৰে সজাগতা সৃষ্টি কৰি কঠোৰ হোৱা হ’লে আজিৰ এই পৰিবেশ সৃষ্টি নহ’লহেতেন বুলি মন্তব্য কৰে আব্দুল আজিজে । বাল্যবিবাহত কেৱল ধৰ্মীয় সংখ্যালঘু লোকসকলেই নহয় অন্যান্য জনগোষ্ঠীৰ লোকো জড়িত বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়ক আজিজে । সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলহে ইয়াৰ বলি হয় বুলি তেওঁ স্পষ্টভাৱে উল্লেখ কৰে (Minority leader Abdul Aziz on Child marriage) ৷

তেওঁ কয় যে, আমছুৰ সম্পাদক আৰু সভাপতি হৈ থকাৰ কালৰে পৰা তেওঁ মাত মাতি আহিছিল বাল্যবিবাহৰ বিৰুদ্ধে ৷ কেৱল ল’ৰাবোৰেই এইক্ষেত্ৰত জগৰীয়া নহয় বুলি উল্লেখ কৰি ছোৱালীবোৰ কম বয়সতে ল’ৰাৰ লগত গুচি যায় বুলি বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, এইক্ষেত্ৰত অভিভাৱকৰো দোষ থাকে ৷ বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ পোষকতা কৰে প্ৰাক্তন বিধায়ক আজিজে (Operation against Child marriage in Assam) ৷

সংখ্যালঘু লোকসকলৰ একাংশই সকলোতকৈ আৰক্ষীকহে ভয় আৰু সন্মান কৰে বুলি বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজে । তেওঁ কয় যে, আৰক্ষীক দেখিলেই একাংশই আথে-বেথে খুৱাই-বোৱাই সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে ৷ যিখিনি হয়তো কোনো মন্ত্ৰী-বিধায়কৰ ক্ষেত্ৰতো কেতিয়া কৰা দেখা নাযায় (People afraid of police) ৷

ইপিনে, লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকৃত ভূমি উচ্ছেদৰ বাবে প্ৰশাসনে চলোৱা প্ৰস্তুতিক লৈও কেইবাটাও মন্তব্য কৰে আব্দুল আজিজে । পূৰ্বৰ পৰাই লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য সংৰক্ষণৰ বাবে মাত মতা বুলি উল্লেখ কৰে আব্দুল আজিজে । বান সমস্যাৰ ক্ষেত্ৰত বৰ্তমান সময়ত চলি থকা বন ধ্বংসযজ্ঞক দোষাৰোপ কৰে সংখ্যালঘু নেতাগৰাকীয়ে ৷ পূৰ্বে লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যৰ কটা গছৰ মূঢ়াৰ হিচাপ লোৱাৰ কথা ৰাজহুৱা সভাত ঘোষণা কৰাৰ বাবেই তিনি-চাৰিটাকৈ নিৰ্বাচনত পৰাজিত হৈ অৱশেষত তৃতীয় বিভাগত উত্তীৰ্ণ হৈ বিধায়ক হোৱা বুলিও ইটিভি ভাৰতৰ সাক্ষাৎকাৰত উল্লেখ কৰে আব্দুল আজিজে ।

লগতে পঢ়ক: Death controversy: বাল্য বিবাহক কেন্দ্ৰ কৰি মৃত্যু হোৱা আছমা খাতুনৰ পৰিয়ালৰ কাষত আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.