সৰ্থেবাৰী কাঁহশিল্পৰ উন্নয়ণ সম্পৰ্কত উদ্যোগ বিভাগৰ লগত হ’ব বিশেষ আলোচনা

author img

By

Published : Sep 29, 2022, 4:33 PM IST

সৰ্থেবাৰী কাঁহশিল্পৰ উন্নয়ণৰ সম্পৰ্কত উদ্যোগ বিভাগৰ লগত হ’ব বিশেষ আলোচনা

এদিনীয়া ভ্ৰমণসূচীৰে সৰ্থেবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সৰ্থেবাৰী কাঁহ শিল্পৰ সমবায় সমিতিৰ লগত উদ্যোগ বিভাগৰ হ’ব বিশেষ আলোচনা ৷ সৰ্থেবাৰীৰ ৩০খন বিচনাযুক্ত চিকিৎসালয়খনক লৈ ইচিবাচক সঁহাৰি মুখ্যমন্ত্ৰীগৰাকী (Himanta Biswa sarma at Sarthebari) ৷

বৰপেটা, 29 ছেপ্তেম্বৰ: কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ পাঁচখেল গঞা গয়ৰহৰ দ্বাৰা স্থাপিত জগন্নাথ মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa sarma at Sarthebari)। মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ পাচতে দেখা পোৱা গ'ল এক অনন্য ছবি । হেলিকপ্টাৰ অৱতৰণৰ পাচতে আকস্মিকভাৱে বেৰিকেডৰ পিছত ৰৈ থকা ৰাইজৰ দিশে আগুৱাই যায় মুখ্যমন্ত্ৰীগৰাকী ।

ৰাইজৰ কাষলৈ গৈ সংক্ষিপ্ত ভাৱ বিনিময়ৰ লগতে কৰমৰ্দনো কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীক নিচেই কাষতে পাই উৎফুল্লিত হৈ পৰে ৰাইজ । ৰাইজে গামোচা পিন্ধাই আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক । ইয়াৰ পাচত মুখ্যমন্ত্ৰীগৰাকীয়ে জগন্নাথ মন্দিৰৰ(Jagannath Mandir Sarthebari) মণিকূট গৃহ আৰু বাটচ'ৰাৰ আধাৰশিলা স্থাপন কৰে ।

সৰ্থেবাৰী কাঁহশিল্পৰ উন্নয়ণৰ সম্পৰ্কত উদ্যোগ বিভাগৰ লগত হ’ব বিশেষ আলোচনা

এদিনীয়া ভ্ৰমণেৰে সৰুক্ষেত্ৰী সমষ্টিত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সৰ্থেবাৰী পাঁচখেল গঞা ৰাইজৰ উদ্যোগত নিৰ্মাণ হোৱা মহাপ্ৰভু জগন্নাথ মন্দিৰত পূজা-অৰ্চনা কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্থেবাৰী ৰাইজৰ সামগ্ৰীক সত্তাৰ প্ৰতিফলন জগন্নাথ মন্দিৰটো বুলি উল্লেখ কৰে ৷ ৰাইজে নিৰ্মাণ কৰা মন্দিৰটোৰ মণিকূটটো নিৰ্মাণত চৰকাৰে সহায়-সহযোগ কৰিব বুলি উল্লেখ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সৰ্থেবাৰীৰ ৰাইজে ৩০খন বিচনাযুক্ত চিকিৎসালয়খনক লৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷

চিকিৎসালয়খন সোনকালে স্বাস্থ্যমন্ত্ৰীগৰাকীক সৰ্থেবাৰীলৈ আহি চিকিৎসালয়খন নিয়মীয়া আৰু ৰাইজৰ সহায় হোৱাকৈ গঢ়ি তুলিবলৈ অনুৰোধ জনাব বুলি উল্লেখ কৰে ৷ সৰ্থেবাৰী কাঁহ শিল্পৰ সমবায় সমিতিৰ লগত নৱেম্বৰ মাহত গুৱাহাটীত উদ্যোগ বিভাগৰ উপস্থিতিত এক আলোচনাত মিলিত হৈ কাঁহ শিল্পটো(Sarthebari Bell Metal Industry) চহকী কৰাৰ লগতে কঁহাৰসকল যাতে আৰ্থিকভাবে উন্নত হ’ব পাৰে তাৰ ব্যৱস্থা হাতত ল’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে বৃহস্পতিবাৰে ধুবুৰীত সংঘটিত হোৱা শোকাৱহ নাও দুৰ্ঘটনাক(Dhubri boat accident) লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যতে সকলো যাত্ৰী যাতে নিৰাপদে উদ্ধাৰ হয় ৷

লগতে পঢ়ক: ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা: ঘটনাক কেন্দ্ৰ কৰি ধুবুৰীৰ মতিৰচৰ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.